শ্ৰেণী কোঠাত বন্ধু উপস্থিত সেন্দুৰ আৰু মংগলসূত্ৰ লৈ। বিয়া পাতে বান্ধবিক। লগত লৈ গল পুৰোহিতো। অন্য বন্ধু-বান্ধৱীয়ে ফটো আৰু ভিডিঅ’ কৰি ছচিয়েল মিডিয়াটো দি দিলে।
লগে লগেই ভাইৰেল হৈ পৰিল দুই কিশোৰ-কিশোৰীৰ বিয়াৰ ফটো আৰু ভিডিঅ’। পিছে তাতেই লাগিল অথন্তৰ। এই ঘটনা দক্ষিণ ভাৰতৰ তেলেংগানাৰ।
ভাইৰেল হোৱা ভিডিঅ দেখিয়েই উপস্থিত হয় আৰক্ষী। দুই কিশোৰ কিশোৰীক উদ্ধাৰ কৰাৰ লগতে বিয়া পাতি দিয়া পুৰোহিত জনকো গ্ৰেপ্তাৰৰ বাবে বিচাৰ লয় যদিও ইতিমধ্যে পলায়ন কৰে পুৰোহিতে।
ঘটনাৰ বিষয়ে জানিব পাৰি সেই বিদ্যালয়ৰ পৰাও বহিষ্কাৰ কৰে দুয়ো কিশোৰ কিশোৰীক। বৰ্তমানে দুয়োকে আৰক্ষীৰ তত্ত্বাৱধানত ৰখা হৈছে। আৰু তেনেদৰেই পঢ়োৱাই প্ৰাপ্ত বয়স্ক হোৱালৈ দুয়োকে বেলেগে ৰখাৰ সিদ্ধান্ত আৰক্ষীৰ।
Photo Credit: The Hans India