33 C
Guwahati
Sunday, October 2, 2022
More

    পিতৃৰ মৃত্যুৰ তিনি মাহ নহওতেই জীয়ৰিক ধৰ্ষণ কৰি হত্যা ! মাতৃৰ অৱস্থা গম্ভীৰ

    পিতৃৰ মৃত্যুৰ তিনি মাহ নহওতেই জীয়ৰিক ধৰ্ষণ কৰি হত্যা ! মাতৃৰ অৱস্থা গম্ভীৰ

    হাৰিয়াণাত জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। হাৰিয়াণৰ ফৰীদাবাদ স্থিত চেক্টৰ ৪ ত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হয়। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা ৯ মান বজাত ঘৰৰ ওচৰতে এটা কাম কৰিবলৈ গৈছিল।

    কিন্তু বহু দেৰিলৈকে ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লোক সকলে বিচাৰ কৰে। সেই সময়তে কিছুমান লোকে পৰিয়ালৰ লোকক কয় যে ৰে’ল পথৰ ওচৰত পৰি আছে।

    কথাটো শুনি যেতিয়া পৰিয়ালৰ লোক সকল তাত উপস্থিত হয় তেতিয়া তেওঁলোকে দেখে যে কিশোৰী গৰাকীৰ দেহৰ বহু অংগৰ পৰা ৰক্তক্ষৰণ হৈ আছিল আৰু কাপোৰবোৰ অসংযত অৱস্থাত আছিল।

    ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহটো মৰোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদত কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা জানিব পৰা গৈছে ।

    পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মাত্ৰ তিনি মাহৰ আগত হে কিশোৰী গৰাকীৰ পিতৃৰ মৃত্যু হৈছিল আৰু তেওঁৰ মাতৃ ৰাখি বন্ধনৰ বাবে সেইদিনা ককায়েকৰ ঘৰলৈ গৈছিল ।

    হত্যাকাৰীয়ে ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিবৰ বাবে মৃতদেহটো ৰেল লাইনত পেলাই থৈ গৈছিল। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং