33 C
Guwahati
Monday, September 26, 2022
More

    অতিকৈ শোকাৱহ! বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুৎ স্পৃষ্ট হৈ কিশোৰৰ মত্যু

    অতিকৈ শোকাৱহ! বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুৎ স্পৃষ্ট হৈ কিশোৰৰ মত্যু

    বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু উচ্চতৰ মাধ্যমিকৰ এজন ছাত্ৰৰ। গৰু খেদিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় কিশোৰ জন।

    জানিব পৰা মতে পৰা কিশোৰ জনৰ ঘৰৰ বাৰিৰ কাষতে বিদ্যুৎ বিভাগে এটা খুঁটা পুতি থৈছিল। কিশোৰ জনে বাৰিৰ পিছফালে গৰু খেদিবলৈ গৈ পুতি থোৱা বিদ্যুতৰ খুঁটাত লাগি বিদ্যুৎ স্পৃষ্ট হয়।

    পৰিয়ালৰ লোকে লগে লগে কিশোৰজনক নিভিয়া প্ৰাথমিক চিকিৎসালয়ত লৈ যায়। কিন্তু চিকিৎসকে কিশোৰজনক মৃত বুলি ঘোষণা কৰে।

    কিশোৰ জন ৰাতাবাড়ি সমস্টিৰ ৰায়পুৰ গাঁৱৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অনুপম নাথ বুলি জানিব পৰা গৈছে।

    পৰিয়ালৰ লোক সকলে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোকে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    জানিব পৰা মতে বিদ্যুতৰ সেই খুঁটাটোত বান্ধি থোৱা তাৰত এন্টি ইলেক্ট্ৰিক ইনচুলেটৰ নথকাৰ কাৰণেই বিদ্যুৎস্পৃষ্ট হৈ অনুপমৰ মৃত্যু হয় । মেধাৱী ছাত্ৰজনৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।

    Photo and Photo – Manuj Muhanti

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং