কাছাৰত লজ্জাজনক ঘটনা ! চলন্ত বাহনত সুৰাপন কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণ

0
2752

কাছাৰত লজ্জাজনক ঘটনা ! চলন্ত বাহনত সুৰাপন কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণ

কাছাৰৰ বৰখলাৰ ডলুত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে।এইবাৰ চলন্ত বাহনত সুৰাপন কৰাই কিশোৰীক কৰিলে দলবদ্ধ ধৰ্ষণ । ধৰ্ষণ কৰি চলন্ত বাহনৰ পৰা কিশোৰী গৰাকীক পেলায় পলায়ন কৰিলে ধৰ্ষণকাৰী কেইটা।

তাৰ পিছতেই এক্ৰামুল হক আৰু কৰিমুদ্দিন নামৰ দুজন যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ কৰা হৈছে। জানিব পৰা মতে এক্ৰামুলে এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলপূৰ্বকভাৱে গাড়ীত তুলি লৈ গৈছিল।তাৰ পিছত কিছু দূৰ যোৱাৰ পিছত গাড়ীখনত কৰিমুদ্দিন নামৰ যুৱকজন উঠিছিলে।

দুয়োৱে চলন্ত বাহনখনতে কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ কৰিছে। ধৰ্ষণ কৰি কিশোৰী গৰাকীক মাজৰাস্তাতে গাড়ীৰ পৰা পেলাই দিয়ে। তাৰ পিছত এজন অট’ৱালাই কিশোৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।

ঘটনা সন্দৰ্ভত বৰখলা আৰক্ষী চকীত ভুক্তভোগী কিশোৰী গৰাকীয়ে এজাহাৰ দাখিল কৰিছিলে। কিন্তু ঘটনাৰ ৭ দিনৰ পিছতো আৰক্ষীয়ে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা নাই বুলিও জানিব পৰা গৈছে।