বিদ্যালয়তে হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু একাদশ শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰীৰ

0
2435
প্ৰতিনিধিত্বমূলক চিত্ৰ

মধ্যপ্ৰদেশৰ ইন্দোৰত প্ৰচণ্ড শীতৰ মাজতে এখন বিদ্যালয়ত হৃদযন্ত্ৰ বন্ধ হৈ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত কিশোৰীগৰাকীৰ ককাক ৰাঘবেন্দ্ৰ ত্ৰিপাঠীয়ে সংবাদ মাধ্যমক জনোৱা মতে, বুধবাৰে উষা নগৰ অঞ্চলস্থিত বিদ্যালয়ত অচেতন হৈ পৰি একাদশ শ্ৰেণীত অধ্যয়ণৰত বৃন্দা ত্ৰিপাঠীৰ মৃত্যু হয়।

গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ বাবে আখৰা কৰিবলৈ ছোৱালীজনী স্কুললৈ গৈছিল আৰু তেতিয়াই ছোৱালীজনী ঢলি পৰিছিল বুলি তেওঁ কয়।

বৃন্দাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে চিপিআৰ আৰু অন্যান্য উপায়েৰে তেওঁক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰে যদিও কোনো ফল নাপালে বুলি উল্লেখ কৰে।

চিকিৎসকৰ মতে, চিকিৎসালয়লৈ অনাৰ পূৰ্বে ছোৱালীজনীৰ মৃত্যু হৈছিল।

মৃত্যুৰ পিছতে ছোৱালীজনীৰ শোকত ভাগি পৰা পৰিয়ালে তেওঁৰ চকু দান কৰিছে বুলি ইন্দোৰ ছ’চাইটি ফৰ অৰ্গান ডনেশ্যনৰ সৈতে জড়িত মুস্কান গ্ৰুপৰ স্বেচ্ছাসেৱক জীতু বাগনীয়ে জানিবলৈ দিয়ে।