তথ্য প্রযুক্তিৰ অনন্য শিক্ষানুষ্ঠান ‘টেক চেভী’ৰ নতুন শাখা মুকলি যোৰহাটত

এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীসকলে চাইবাৰ ছিকিউৰিটী বা এথিকেল হেকিং নিচিনা পাঠ্যক্ৰমৰ বাবে দিল্লী, বাংগালুৰু বা চেন্নাইৰ নিচিনা ঠাইলৈ যাবলৈ প্ৰয়ােজন নাই

0
113

বৰ্তমান সময়ৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ দ্ৰুত অগ্ৰগতিতৰ সৈতে খোজ মিলাই আগুৱাই যাবৰ বাবে অগ্ৰণী ভূমিকা পালন কৰি আহিছে অত্যাধুনিক তথ্য প্রযুক্তি পাঠ্যক্ৰমৰ সৈতে সম্বন্ধিত ‘টেক চেভী’-এ। ‘টেক চেভী’ৰ এটা শাখা নতুনকৈ মুকলি কৰা হৈছে যােৰহাটৰ তুলসী নাৰায়ণ পথত।

উক্ত কার্যলয়টো উদ্বোধন কৰে সমাজকর্মী আলহাজ ৰাজুমণি হুছেইনে। উল্লেখ্য যে বর্তমান তথ্য প্রযুক্তিৰ যুগত সকলােতে যিমান দ্রুতগতিৰে তথ্য প্রযুক্তি উদ্যোগ গোটেই ভাৰতবৰ্ষত বাঢ়ি গৈছে কিন্তু অসম এতিয়াও বহু ক্ষেত্ৰত পিছপৰি আছে, সেইবাবে ‘টেক চেভী’ৰ ফালৰ পৰা এটি প্রয়াস কৰা হৈছে অত্যাধুনিক তথ্য প্রযুক্তি পাঠ্যক্রম আনিবৰ বাবে।

এই পাঠ্যক্ৰমৰ যােগেদি অসমৰ বহুতাে যুৱক-যুৱতী স্বাৱলম্বী হ’ব পাৰিব। অসমত প্ৰথমবাৰৰ বাবে মাইক্র’ছফট চার্টিফাইড পাঠ্যক্রম আগবঢ়োৱা হৈছে। এতিয়া অসমৰ ছাত্ৰ-ছাত্ৰীসকলে চাইবাৰ ছিকিউৰিটী বা এথিকেল হেকিং নিচিনা পাঠ্যক্ৰমৰ বাবে দিল্লী, বাংগালুৰু বা চেন্নাইৰ নিচিনা ঠাইলৈ যাবলৈ প্ৰয়ােজন নাই, তাৰ তুলনাত বহুতাে কম খৰচত অসমতে এতিয়াৰ পৰা সেই পাঠ্যক্রমসমূহ উপলব্ধ হ’ব বুলি ‘টেক চেভী’ৰ যােৰহাট শাখাৰ তত্ত্বাৱধায়ক ইছফাকুল ইমদাদ উল্লাহে জানিবলৈ দিয়ে। আগ্ৰহীসকসলে অধিক তথ্য জানিবৰ বাবে 97067-66645নম্বৰত ফোন কৰি জানিব পাৰিব।