27 C
Guwahati
Tuesday, September 27, 2022
More

    বিশ্বৰ কোনো বলাৰে আউট কৰিব নোৱাৰা ভাৰতৰ তিনিজন বেটছমেন

    ডন ব্ৰেডমেন, শচীন টেণ্ডুলকাৰ, ব্ৰায়ান লাৰাকে ধৰি এনে বহু শ্ৰেষ্ঠ ক্ৰিকেটাৰ আছিল, যিয়ে ৰান আৰু শতকেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। কিন্তু ক্ৰিকেট জগতত এনে কিছু বেটছমেনো আছিল যাক ক্ৰিকেট জগতৰ কোনো বলাৰে আউট কৰিব নোৱাৰিলে।

    হয় আপুনি ঠিকেই পঢ়িছে। আজি আমি আপোনালোকক কম ভাৰতীয় দলৰ এনে তিনিজন বেটছমেনৰ বিষয়ে, যিকেইজনক এদিনীয়া ক্ৰিকেটত বিশ্বৰ কোনো বলাৰে আউট কৰিবলৈ সক্ষম নহ’ল।

    সৌৰভ তিৱাৰী

    ধোনীৰ ডুপ্লিকেট বুলি পৰিচিত সৌৰভ তিৱাৰীয়ে আই পি এলত কৰা উজ্জ্বল প্ৰদৰ্শনৰ ভিত্তিতে ভাৰতীয় দলত স্থান লাভ কৰিছিল।

    ২০১০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া খেলত অভিষেক ঘটিছিল তিৱাৰীৰ। তেওঁ মাত্ৰ তিনিখন এদিনীয়া মেচ খেলিছিল, য’ত তেওঁ দুটা ইনিংছত অপৰাজিত হৈ আছিল। কিন্তু এই তিনিখন মেচৰ পিছত তেওঁ দ্বিতীয়বাৰ ভাৰতীয় দলত খেলিবলৈ সুযোগ লাভ নকৰিলে।

    ফৈজ ফজল

    ঘৰুৱা ক্ৰিকেটত কৰা উজ্জ্বল প্ৰদৰ্শনৰ ভিত্তিত ফৈজ ফজলে টিম ইণ্ডিয়াত স্থান লাভ কৰিছিল। ২০১৬ চনত ফজলে ভাৰতীয় দলৰ হৈ জিম্বাবুৱেৰ বিৰুদ্ধে একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচখন খেলিছিল। এই মেচখনত তেওঁ ৫৫ ৰান সংগ্ৰহ কৰি নটআউট হৈ থাকে। ইয়াৰ পিছত আৰু তেওঁ কোনো সুযোগ নাপালে।

    ভৰত ৰেড্ডী

    আজিৰ ক্ৰিকেট অনুৰাগীসকলে হয়তো কেতিয়াও শুনা নাছিল ভৰত ৰেড্ডীৰ নাম। ১৯৭৮ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত ভৰত ৰেড্ডীয়ে টিম ইণ্ডিয়াৰ হৈ মাত্ৰ তিনিখন এদিনীয়া মেচ খেলিছিল।

    এই সময়ত তেওঁ দুবাৰকৈ বেটিং কৰিবলৈ সুযোগ পাইছিল আৰু দুয়োবাৰেই অপৰাজিত হৈ পেভেলিয়নলৈ উভতিছিল। কিন্তু তেওঁৰ কেৰিয়াৰৰ সামৰণি আছিল অত্যন্ত দুখজনক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং