মানুহ য’ত মৰিছে তাত চাহমেল অপ্ৰাসংগিক: তৰুণ গগৈ

'কা'ৰ বিৰুদ্ধে মতা সকলৰ বিৰুদ্ধে দমন নীতি গ্ৰহন কৰিছে চৰকাৰে

0
68

আজি অনুষ্ঠিত হোৱা এদিনীয়া অসম বিধানসভাৰ মজিয়া উত্তাল হৈ উঠে বিৰোধী দলৰ প্ৰতিবাদেৰে। সংসদৰ মজিয়াত মৰিয়নি সাংসদ ৰূপজ্যোতি কুৰ্মীয়ে ‘পাঁচজন মানুহ মৰিছে। জয় আই অসম’ ধ্বনীৰে সদনত আৰম্ভণি কৰে প্ৰতিবাদৰ। ইয়াৰ পিছতেই অন্য় বিৰোধী নেতাও সৰব হৈ পৰে এই প্ৰতিবাদত।

‘কা’ বিৰোধী ধ্বনিৰ লগতে সংসদৰ চাহমেল বৰ্জন কৰে কংগ্ৰেছ বিধায়িনী দলে। মুখ্যমন্ত্ৰীৰ পিছতে কংগ্ৰেছ সভাপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰি নিজৰ ভাষণৰ। এই ভাষণৰ শেষতেই কয় কংগ্ৰেছৰ চাহমেল বৰ্জনৰ কথা।

চাহমেল বিৰতিৰ সময়ত সাংবাদিকেৰে হোৱা সাক্ষাতত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই চাহমেল বৰ্জন সন্দৰ্ভত কয়, মানুহ য’ত মৰিছে তাত চাহমেল অপ্ৰাসংগিক। ‘কা’ৰ বিৰুদ্ধে মতা সকলৰ বিৰুদ্ধে দমন নীতি গ্ৰহন কৰিছে চৰকাৰে। হত্যা, গ্ৰেপ্তাৰৰে চলাইছে দমন। ৰাজ্যপালে উন্নয়ন হোৱা বুলি কৈছে যদিও উন্নয়ন স্থবিৰহে হৈ পৰিছে অসমত। কিয়নো প্ৰতিবাদৰ বাবে সকলো এতিয়া ৰাজপথত।

Photo Credit: @jyotishpawanbordoloi