শিক্ষক পুত্ৰৰ বিলৈ! বাইকেৰে ছাগলী চোৰ কৰিব আহি হাতে লোটে ধৰা পৰিল দুজন

0
2993
প্ৰতিনিধিত্বমূলক চিত্ৰ

শনিবাৰে নিশা গোলাঘাট জিলাৰ দেৰগাঁৱৰ ফুকন নগৰ অঞ্চলত দুজন যুৱকে এটা ছাগলী চোৰ কৰি আটক হোৱা ঘটনাটোৱে সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত তীব্ৰ চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, যুৱক দুজনক গাঁওবাসীয়ে হাতে লোটে ধৰি উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।

যুৱক দুজনে মতা ছাগলীটো বাইকত উঠাই লৈ যাব ধৰোতেই ধৰা পৰে গাঁওবাসীৰ হাতত।

ছাগলী চোৰৰ অভিযোগত আটক হোৱা যুৱক দুজনক ক্ৰমে ঋষিকেশ কাশ্যপ আৰু টুটু দলৈ বুলি চিনাক্ত কৰিছে।

এই চুৰি কাণ্ডৰ ঘটনাটোৱে অতি গুৰুত্ব লাভ কৰাৰ আঁৰতেই হৈছে ঋষিকেশ কাশ্যপ। কিয়নো ঋষিকেশৰ পিতৃ হৈছে দেৰগাঁৱৰ এজন পৰিচিত শিক্ষক।