বৰ নৃশংস! হানি-খুঁচি হত্যা কৰিলে শিক্ষকক

ব্ৰহ্মপুত্ৰৰ পাৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে প্ৰদীপ কলিতা নামৰ শিক্ষকজনৰ মৃতদেহ। মৰিগাঁৱত ঘৰ আছিল নিহত শিক্ষকজনৰ

0
8984

হাজোৰ গাঁওবুঢ়া পাম চৰত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা। এজন শিক্ষকক হাত-ভৰি বান্ধি লৈ হানি-খুঁচি হত্যা কৰিলে দুৰ্বৃত্তই। ব্ৰহ্মপুত্ৰৰ পাৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছে প্ৰদীপ কলিতা নামৰ শিক্ষকজনৰ মৃতদেহ। মৰিগাঁৱত ঘৰ আছিল নিহত শিক্ষকজনৰ।

উল্লেখ্য যে বিগত বহু বছৰ ধৰি ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয়ত ভাৰাতীয়া শিক্ষক হিচাপে কাম কৰিছিল প্ৰদীপ কলিতা। শিক্ষককজনক নৃশংসভাৱে হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়া ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কোনে কি কাৰণত শিক্ষকজনক হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

কিন্তু এই হত্যাকাণ্ডই উন্মোচিত কৰিছে একাংশ চৰকাৰী বেটনভোগী শিক্ষকৰ মিথ্যাচাৰ। হত্যাৰ বলি হোৱা প্ৰদীপ কলিতাৰ দৰে শিক্ষকক ভাৰাতীয়া শিক্ষক হিচাপে বিদ্যালয়ত নিজাববীয়াকৈ নিয়োগ কৰি ঘৰতে বহি দৰমহা লৈ আছে একাংশ শিক্ষকে। সমগ্ৰ ঘটনা সন্দৰ্ত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

Photo : Mridulu Pritom Deka