30 C
Guwahati
Monday, September 20, 2021
More

    ৰাজ্যত কৰ’ণাতংকঃ অহা ১৯ এপ্ৰিলত মহানগৰীৰ ৪৫ ৰ উৰ্ধৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰদান কৰা হ’ব বিনামূলীয়া ভেকচিন

    ৰাজ্যত কৰ’ণাতংকঃ অহা ১৯ এপ্ৰিলত মহানগৰীৰ ৪৫ ৰ উৰ্ধৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰদান কৰা হ’ব বিনামূলীয়া ভেকচিন

    কৰ’ণাৰ কৰাল গ্ৰাসত ৰাজ্য। ৰাজ্যখনৰ ভিতৰত কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ শীৰ্ষত কামৰূপ মহানগৰ জিলা।

    আজি এক সংবাদমেলযোগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি বহুত জটিল বুলি মন্তব্যগবঢ়াই। ইয়াৰ পিছতে কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে ১৯ এপ্ৰিল, সোমবাৰৰ পৰা শিক্ষা বৃত্তিৰ লগত জড়িত সমূহ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষানুষ্ঠানৰ অন্য কৰ্মাচাৰীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

    মহানগৰৰ চাৰিখন বিদ্যালয় ক্ৰমে হাতীগাঁও হাইস্কুল, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নতুন ফটাশিল হাইস্কুল আৰু পাণ্ডু আদৰ্শ হাইস্কুলত পুৱা ১০ বজাৰ পৰা কৰ’ণাৰ ভেকচিন প্ৰদান কৰা হ’ব

    ৪৫ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক তথা শিক্ষানুষ্ঠানৰ কৰ্মচাৰীৰ বাবে এই ভেকচিন বিনামুলীয়াকৈ প্ৰদান কৰা হ’ব। চৰকাৰী প্ৰাদেশিকীকৃত, ব্যক্তিগত খণ্ডৰ সকলো কৰ্মচাৰীয়ে এই ভেকচিন গ্ৰহণ কৰিব পাৰিব।

    প্ৰতিষেধক লবলৈ অহাৰ সময়ত পৰিচয় পত্ৰৰ উপৰিও বয়সৰ প্ৰমাণ পত্ৰ হিচাপে পেনকাৰ্ড বা আধাৰ কাৰ্ড দেখুৱাব লাগিব।

    আৰু পঢ়ক : মেট্ৰিক পৰীক্ষা হ’বনে? মন্ত্ৰী হিমন্ত বিশ্বই দিলে কৌশলপূৰ্ণ মন্তব্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং