26 C
Guwahati
Tuesday, October 4, 2022
More

    শিক্ষকতাৰ বৃত্তিত কলংক : মহিলাক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহী হ’ল এজন শিক্ষক

    ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ সমীপৰ ভেবেলি গাঁৱৰ এজন শিক্ষকক বলাৎকাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে চিচিবৰগাঁৱৰ আৰক্ষীয়ে।

    জানিব পৰা অনুসৰি ভেবেলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ শইকীয়াই শুকুৰবাৰে নিশা তেওঁৰ ঘৰৰ সমীপৰে এগৰাকী মহিলাক আন্ধাৰৰ সুযোগ লৈ বলাৎকাৰ কৰে।

    মহিলাগৰাকীৰ বোৱাৰীয়েকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত চুবুৰীয়া লোক আহি হাতে লোটে কৰায়ত্ব কৰে লম্পট প্ৰধান শিক্ষক ধৰ্মেশ্বৰ শইকীয়াক আৰু হাত-ভৰি বান্ধি চিচিবৰগাঁও আৰক্ষীক খবৰ দিয়ে।

    চিচিবৰগাঁও আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ অসংযত অৱস্থাত দুয়োগৰাকীকে প্ৰত্যক্ষ কৰে আৰু লম্পট শিক্ষকগৰাকীক কৰায়ত্ব কৰি থানালৈ আনে।

    আৰক্ষীয়ে আজি ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮ আৰু ৩৭৬ ধাৰাত চিলাপথাৰ থানাত ১৪৬/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি লম্পট শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।

    ইনপুট : বনমালী মহন্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং