যদি হিমন্ত সত্য তেন্তে ২০১৪ কিয় আনিছে; ১৯৬৬ কৰকঃ তৰুণ গগৈ

২০২১ত কংগ্ৰেছৰ অবিহনে চৰকাৰ নহয়। হিমন্তই ঠিকেই কৈছে তেওঁ মুখ্যমন্ত্ৰী নহয় বুলি, তেওঁটো বাদেই সৰ্বানন্দ সোণোৱালো মুখ্যমন্ত্ৰী নহয় বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে

0
66

‘এইবাৰ ভোগালী বিহুত পূৰ্বৰ দৰে আনন্দ কৰা নাই ৰাজ্যবাসীয়ে। এইবাৰ ৰাজ্যত মেজিৰ জুই জ্বলা নাই, ক্ষোভৰ জুই জ্বলিছে। কেন্দ্ৰ চৰকাৰে এই জুইত ঘিউ ঢালি জুই বেছি জ্বলাইছে। আন্দোলন দিনক দিনে বৃদ্ধি হৈছে সমগ্ৰ দেশতে।’- সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

বিহুৰ দিনা ৰাৱন বধৰ যজ্ঞ হৈছে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত। ৰাৱণ বধৰ লগতে এইসকল ৰাৱণকো আমি বধ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাকে ধৰি অগপৰ তিনিজন মন্ত্ৰীকো ৰাৱন বধ কৰাৰ দৰে বধ কৰিব লাগিব বুলি কয় তৰুণ গগৈয়ে।

‘হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া চৰিত্ৰৰ কথা সকলোৱে আগৰ পৰাই জানিছিল, কিন্তু মুখ্যমন্ত্ৰীক আগতে কোনেও ভবা নাছিলে। অসমবাসীয়ে এতিয়া বিশ্বাসঘাটক মুখ্যমন্ত্ৰী বুলি ভাবিছে সেয়ে তেওঁ য’ত যায় ক’লা পতাকা দেখুৱাই।’- এই মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

‘এতিয়া তেওঁলোকৰ লক্ষ্য হৈছে মোদী আৰু অমিত শ্বাহৰ Good Bookত থকা। অসমবাসীৰ Good Bookত থকা তেওঁলোকৰ লক্ষ্য নহয়। অসম চুক্তি ১৯৬৬ হৈছে বেছ Year, কাট অফ Year ১৯৭১। বেছ Year আৰু কাট অফ Yearৰ মাজত পাৰ্থক্য আছে। ঠিক আছে হিমন্ত সত্য তেন্তে ২০১৪ কিয় আনিছে, ১৯৬৬ কৰক। যদি নতুন ৰাজনৈতিক দল খুলে ভাল কথা, বিজেপিক হৰুৱাব লাগে, আমি একেলগে BJPৰ বিৰুদ্ধে যুদ্ধ কৰিম।’- সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে তৰুণ গগৈয়ে।

২০২১ত কংগ্ৰেছৰ অবিহনে চৰকাৰ নহয়। হিমন্তই ঠিকেই কৈছে তেওঁ মুখ্যমন্ত্ৰী নহয় বুলি, তেওঁটো বাদেই সৰ্বানন্দ সোণোৱালো মুখ্যমন্ত্ৰী নহয় বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Input: Anit Pratim Baruah