হিমন্তক মূৰৰ ওপৰত উঠাই লৈ মই ভুল কৰিছিলোঁ,এইটো মোৰ জীৱনৰ ডাঙৰ ভুলঃ তৰুণ গগৈ

যি চৰকাৰে অসমৰ NRCশুদ্ধকৈ কৰিব নোৱাৰিলে,সেই চৰকাৰে সমগ্ৰ দেশৰ NRCকোনো কাৰণতে কৰিব নোৱাৰে

0
855
Photo : Time8
Photo : Time8

অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। তৰুণ গগৈয়ে কয়- বিভিন্ন সমস্যা ই জ্বলাকলা খুৱাই আছে অসমক। এতিয়া BJP চৰকাৰে CAB আৰু NRCক লৈ জ্বলা জুইত ঘিঁ ঢালিছে। প্ৰথমে অমিত শ্বাহে NRCখনক লৈ গৌৰৱ কৰিছিল এতিয়া ওলোটা খৰ মাৰিছে। যি চৰকাৰে অসমৰ NRCশুদ্ধকৈ কৰিব নোৱাৰিলে,সেই চৰকাৰে সমগ্ৰ দেশৰ NRCকোনো কাৰণতে কৰিব নোৱাৰে।

আমি NRCৰ জৰিয়তে সমস্যা সমাধানৰ কৰিব বিচাৰিছিলো কিন্তু এওঁলোকে NRC কৰি সমস্যা বঢ়ালে। NRC কৰি বিদেশী চিনাক্ত কৰিব লাগে। এওঁলোকে দেশীক হে বিদেশী বনালে। CAB,NRCৰ জৰিয়তে চৰকাৰে ইচ্ছু ডাইভাৰ্ট কৰিছে। ইয়াক বাদ দি যেন অসমত কোনো সমস্যা নাই। হিমন্তক মূৰৰ ওপৰত উঠাই লৈ মই ভুল কৰিছিলোঁ। এইটো মোৰ জীৱনৰ ডাঙৰ ভুল। এতিয়া মূৰৰ ওপৰৰ পৰা ননমা হ’ল।