দুৰ্নীতিৰ দুই সদাগৰ হিমন্ত বিশ্ব আৰু গৌতম ৰয় এতিয়া মুখ্যমন্ত্ৰীৰ সোঁ-বাওঁফালেঃ তৰুণ গগৈ

'হিমন্ত কেৱল কথা চহকী কিন্তু CABকলৈ নিমাত এওলোক, হিমন্ত বিশ্ব পেইড চিংগাৰ, ক'ত কেতিয়া কাক তেল মাৰিব লাগে ভালকৈ জানেঃ তৰুণ গগৈ

0
346
Photo credit: freepressjournal.in

‘জাতীয় জীৱনলৈ আহিছে মহাসংকট কিন্তু তাৰ পিছতো শুই আছে চৰকাৰ, জাতি মাটি ভেটিৰ ৰক্ষাৰ কথা কৈ চৰকাৰলৈ অহা এই চৰকাৰে গাদী পাই সকলো পাহৰি গ’ল।’- সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। সংবাদমেলযোগে বিজেপি আৰু অগপক তীব্ৰ সমালোচনা কৰি তৰুণ গগৈয়ে কয় যে অসম ধবংসৰ মূল পুজাৰী মুখ্যমন্ত্ৰী, হিমন্ত আৰু চন্দ্ৰমোহন পাটোৱাৰী আৰু লগতে এই ধবংসত ঘিউ ঢালিছে অগপৰ সভাপতিৰ লগতে অগপৰ নেতৃত্বই।

লক্ষ্মীনাথ বেজবৰুৱাৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি দিবলৈ আহৰি নোপোৱা মুখ্যমন্ত্ৰীয়ে CABৰ বিৰোধfতা কৰক তেতিয়াহে বেজবৰুৱাৰ আত্মাই শান্তি পাব এই মন্তব্য গগৈৰ। ‘হিমন্ত কেৱল কথা চহকী কিন্তু CABকলৈ নিমাত এওলোক, হিমন্ত বিশ্ব পেইড চিংগাৰ, ক’ত কেতিয়া কাক তেল মাৰিব লাগে ভালকৈ জানে, এই ক্ষেত্ৰত তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।’- এই বুলি তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাক।

অগপই প্ৰতিষ্ঠা দিৱসত কিয় CABৰ বিৰুদ্ধে সিদ্ধান্ত নল’লে, অগপ কেৱল নামতহে আঞ্চলিক দল, NRL আৰু বিমানবন্দৰ ব্যক্তিগতকৰণ কৰিবলৈ লোৱাৰ পিছতো অগপ নিমাত কিয়, NRL সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ লিখাতকৈ ফোন কৰি খবৰ নলয় কিয় মুখ্যমন্ত্ৰীয়ে, সংবাদমেলত এই বুলি প্ৰশ্ন উত্থাপন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। দেশৰ অৰ্থনীতি এনে বিপদাপন্ন পূৰ্বে হোৱা নাই বুলি মন্তব্য গগৈৰ।

২খন হেলিকপ্টাৰ লৈ প্ৰচাৰ চলাবলৈ বিজেপিয়ে ক’ত ধন পাইছে, দুৰ্নীতিৰ দুই সদাগৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌতম ৰয় এতিয়া মুখ্যমন্ত্ৰীৰ সোঁ-বাওঁফালে, সংবাদমেলযোগে মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।