
‘দিল্লীৰ হিংসাত্মক ঘটনাই প্ৰমাণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আইন শৃংখলা ৰক্ষা ত ব্যৰ্থ হৈছে। আইন শৃংখলা ৰক্ষা কৰিব নোৱাৰা চৰকাৰে পদত্যাগ কৰিব লাগে। গৃহমন্ত্ৰী অমিত শ্বাহ ব্যৰ্থ হৈছে সেয়ে পদত্যাগ কৰিব লাগে।’- দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সংবাদমেলত এই দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে বিজেপি নেতাসকলৰ উচতনিমূলক মন্তব্যৰ বাবে দিল্লীত হিংসাত্মক ঘটনা বুলি অভিযোগ উত্থাপন কৰে গগৈয়ে। প্ৰধানমন্ত্ৰী কামৰ মানুহ বুলি কয় কিন্তু দিল্লীত মানুহ মৰাৰ পিছতো কিয় প্ৰধানমন্ত্ৰীয়ে কোনো ব্যৱস্থা নল’লে বুলি প্ৰশ্ন উত্থাপন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ড’নাল্ড ট্ৰাম্পে সঁচাকৈয়ে মোদীক প্ৰসংশা কৰিলে নে Joke কৰিলে মোৰ সন্দেহ আছে।
অসম চুক্তিৰ 6নং ৰূপায়ণ সমিতিয়ে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিয়াত আক্ষেপ গগৈৰ। প্ৰতিবেদনখন ৰাজহুৱা কৰাৰো দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিবেদনখন ৰূপায়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী। NRCৰ দৰে এইখন প্ৰতিবেদনো পেলনীয়া কাগজ হ’ব বুলিও কয় গগৈয়ে।
‘জুবিন নহ’লে বৰষাৰাণী হ’লে বেয়া নেপাই তৰুণ গগৈয়ে। নিজৰ সমৰ্থন আগবঢ়াব তৰুণ গগৈয়ে। এজন উমৈহতীয়া গ্ৰহণযোগ্য প্ৰাৰ্থী ৰাজ্যসভা নিৰ্বাচনত ঠিয় কৰাব লাগে। এতিয়া বৰষা, জুবিন, অৰূপ বৰবৰা আদিৰ নাম ওলাইছে। মইটো বৰষাক সমৰ্থন কৰিম, কিন্তু কংগ্ৰেছ, AIUDFয়েও সমৰ্থন কৰিব লাগিব। ৰাজ্যসভালৈ গৈ কেৱল চিনেমাতে ব্যস্ত থাকিলে নহ’ব, অসমৰ হৈ মাত মাতিব লাগিব।’- ৰাজ্যসভা নিৰ্বাচনক লৈ মন্তব্য তৰুণ গগৈৰ।
Photo: Time8