লক্ষ্য সেনে ভাৰতক দিলে স্বৰ্ণ ! ভাৰতৰ কোলাত এতিয়ালৈ ২০ টা সোণৰ পদক

0
969

লক্ষ্য সেনে ভাৰতক দিলে স্বৰ্ণ ! ভাৰতৰ কোলাত এতিয়ালৈ ২০ টা সোণৰ পদক

বাৰ্মিংহামত আকৌ উৰিল ভাৰতৰ পতাকা। কমনৱেলথ গেমছ ২০২২ ত ইটোৰ পিছত সিটো সোণৰ পদক আজুৰিছে ভাৰতে ।

বাৰ্মিংহামত পি ভি সিন্ধুৰ পিছত এইবাৰ পুৰুষৰ বেডমিণ্টনত লক্ষ্য সেনে আজুৰিলে সোণৰ পদক । কমনৱেল্থৰ বাকৰিত আজি অনুষ্ঠিত হোৱা পুৰুষৰ বেডমিণ্টনৰ চূড়ান্ত প্ৰতিযোগিতাত লক্ষ্য সেনে জয়লাভ কৰি ভাৰতক আকৌ এটা সোণৰ পদক দিলে ।

ফাইনেলত মালয়েছিয়াৰ জে য়ঙক পৰাস্ত কৰি পদক লাভ কৰিলে লক্ষ্য সেনে। লক্ষ্য সেনে স্বৰ্ণ লাভ কৰাৰ পিছত কমনৱেলথত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা ২০ টালৈ বৃদ্ধি পাইছে।