বন্ধ্যাকৰণ কৰিবলৈ লওঁতেই অসুস্থ হৈ মৃত্যু মহিলাৰ! উত্তপ্ত তামুলপুৰ

0
388
বন্ধ্যাকৰণ কৰিবলৈ লওঁতেই অসুস্থ হৈ মৃত্যু মহিলাৰ! উত্তপ্ত তামুলপুৰ

বন্ধ্যাকৰণ কৰিবলৈ লওঁতেই অসুস্থ হৈ মৃত্যু মহিলাৰ! উত্তপ্ত তামুলপুৰ

তামুলপুৰৰ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰে সৈতে হতাহতি প্ৰতিবাদী মহিলাৰ। দুটি কনমানিৰ মাতৃৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয় ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ-মহিলাই।

জন্ম নিয়ন্ত্ৰণৰ কাৰনে বন্ধ্যাকৰণ আঁচনিৰ অধীনত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত কালি অনুষ্ঠিত বন্ধ্যাকৰণ শিবিৰত ইক্ৰাজুলি গাৱঁৰ বতন হেমৰমৰ পত্নী জোনালী বাস্কে নামৰ এগৰাকী মহিলাৰ বন্ধ্যাকৰণ কৰিবলৈ লওঁতেই হঠাৎ অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত মৃত্যু হোৱাত আজি এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক পুৰুষ-মহিলাই।

অভিযোগ অনুসৰি, চিকিৎসা বিভাগৰ নীতি-নিৰ্দেশনা অমান্য কৰি প্রয়োজনকৈ অধিক লোকক একেদিনাই বন্ধ্যাকৰণ কৰাৰ লগতে পৰিয়ালৰ অনুমতি আৰু চহী নোলোৱাকৈ কৰিছিল বন্ধ্যাকৰণ।

আজি দল-সংগঠনৰ বিষয় ববীয়াই চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ সবিশেষ জানিবলৈ বিচৰাত, চিকিৎসা বিভাগে কোনো গুৰুত্ব নিদিয়াৰ লগতে গুৰুতৰ অভিযোগ উত্থাপন হৈছে মহকুমা স্বাস্থ্য বিষয়া ডা° হৰিমোহন কলিতা আৰু শল্যচিকিৎসক ডা° ৰাতুল দাসৰ ওপৰত।

চিকিৎসা বিভাগৰ হেমাহী আৰু গাফিলতিৰ বাবেই এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ একাংশৰ। ৰাতুল দাসক ফাঁচী দিয়ক, মহকুমা স্বাস্থ্য বিষয়া হৰিমোহন কলিতা মূর্দাবাদ, চিকিৎসা বিভাগ হায় হায়, আমাক ন্যায় লাগে ন্যায় দিয়ক, পৰিয়ালক ক্ষতিপূৰণ দিয়ক, আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে চিকিৎসালয় প্ৰাংগণত।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতেয়ন কৰে আৰক্ষী প্ৰশাসনে । মহিলা গৰাকীৰ মৃত্যুৰ এদিন পিছতো মহকুমা স্বাস্থ্য বিষয়া হৰিমোহন কলিতাই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। ৰাইজে ইয়াৰ উচিত তদন্ত কৰি ক্ষতিপূৰণ দাবী কৰিছে ৷

আৰু পঢ়ক : RSS-ৰ ৰিপ’ৰ্ট দিল্লীত দিয়ে নেকি বিজেপিয়ে? মন্তব্য এইগৰাকী BPF নেতাৰ