19 C
Guwahati
Wednesday, December 1, 2021
More

    উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যো-জা কৰি থাকোতেই নীলমণি ৰাজবংশীক গ্ৰেপ্তাৰ

    উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যো-জা কৰি থাকোতেই নীলমণি ৰাজবংশীক গ্ৰেপ্তাৰ

    তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ টেবিতোলা গাঁও নিবাসী দুৰ্ধৰ্ষ অপৰাধী নীলমণি ৰাজবংশীক (৩৬)আজি নিজ গৃহৰ পৰা তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

    তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা আৰু নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান।

    নীলমণিক আটক কৰি আৰক্ষীয়ে তামুলপুৰ থানালৈ লৈ আনে ।

    তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই সংবাদ মাধ্যমক জনোৱা মতে ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ হ’ব লগা উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যো জা কৰি থাকোতেই নীলমণিক নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

    উল্লেখযোগ্য যে নীলমণিৰ বিৰুদ্ধে ধেমাজি জিলাৰ সহকাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ দ্বাৰা জাৰি কৰা জামিন বিহিন গোচৰ (GR No. 254/ 2015, ধেমাজি ) মৰ্মে তামুলপুৰ আৰক্ষীয়ে নীলমণিক গ্ৰেপ্তাৰ কৰে।

    তামুলপুৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে নীলমণি ইতিমধ্যে অসমৰ কেইবাটাও এটিএম চুৰি কাৰ্যৰ লগতে আন কেইবাটাও চুৰি কাৰ্যৰ সতে জড়িত থকাৰ অভিযোগ আছে।

    ইতিমধ্যে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং তামুলপুৰত উপস্থিত হৈ নীলমণিক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

    উল্লেখযোগ্য যে ধৃত নীলমণি ৰাজবংশীয়ে যোৱা বিধান সভা নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আৰু বি টি চি পৰিষদীয় নিৰ্বাচনত ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

    ইনপুট : অভিজিৎ তালুকদাৰ

    আৰু পঢ়ক : উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা বিজয় দাস

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং