19 C
Guwahati
Wednesday, December 1, 2021
More

    মনোনয়ন প্ৰত্যাহাৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ

    মনোনয়ন প্ৰত্যাহাৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ

    উপ-নিৰ্বাচনৰ পূ্ৰ্বে সঘনাই পৰিৱৰ্তন হ’ব ধৰিছে তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ। সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে নিৰ্বাচনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে।

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত নাম প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে ইমানুৱেল মুছাহাৰীয়ে।

    টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা মুছাহাৰীয়ে আজি মুছলপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে।

    মনোনয়ন প্ৰত্যাহাৰৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতা আৰু তামুলপুৰ জিলা বিজেপিৰ দলীয় নেতা-কৰ্মী৷

    মনোনয়ন প্ৰত্যাহাৰৰ বাবে ইমানুৱেল মুছাহাৰীক বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে বিধায়ক দিগন্ত কলিতাই।

    উল্লেখ্য যে মিত্ৰতা সূত্ৰে তামুলপুৰ সমষ্টিটো বিজেপিয়ে ইউ পি পি এলক এৰি দিয়া কাৰ্যত ক্ষুন্ন হৈয়ে ইমানুৱেল মুছাহাৰীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছিল।

    ইফালে, সমষ্টিটোৰ আন দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী চণ্ডী বসুমতাৰী আৰু দেবেন বড়োৱেও প্ৰত্যাহাৰ কৰে মনোনয়ন পত্ৰ৷

    তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহৰ কৰাৰ পিছত এতিয়া সমষ্টিটোত পাঁচগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

    আৰু পঢ়ক : ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কিমান টকা দৰমহা লাভ কৰিব ৰাহুল দ্ৰাবিড়ে?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং