আসন যোগাৰ কৰি দিয়াত পলম হোৱাৰ বাবেই দলীয় কৰ্মীলৈ শিল নিক্ষেপ মন্ত্ৰীৰ…

0
1

তামিল নাডুৰ গাখীৰ আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী এছ এম নাছাৰৰ এক অভব্য আচৰণে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মন্ত্ৰীগৰাকীৰ বাবে এখন আসনৰ ব্যৱস্থা কৰি দিয়াত পলম হোৱাৰ বাবেই তেওঁ দলীয় কৰ্মীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা ঘটনাই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

জানিব পৰা মতে, চেন্নাই-তিৰুপতি ঘাইপথৰ তিৰুৱল্লুৰ জিলাৰ এখন ঠাই পৰিদৰ্শন কৰিবলৈ গৈছিল মন্ত্ৰীগৰাকীয়ে।   

ভিডিঅ’টোত মন্ত্ৰীগৰাকীয়ে এটা শিল তুলি লৈ দলীয় কৰ্মীৰ ওপৰত নিক্ষেপ কৰা দেখা গৈছে। চিচি টিভিৰ ফুটেজত এছ এম নাছাৰক কোৱা শুনা যায়, ‘চকী আনক, চকী আনক’।

উল্লেখ্য যে, বুধবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু সেয়ে মন্ত্ৰী এছ এম নাছাৰে সেই ঠাইখন পৰিদৰ্শন কৰি আছিল।