আফগানিস্তান বায়ুসেনা বাহিনীক ভাৰতে উপহাৰ দিয়া হেলিকপ্তাৰ নিজৰ অধীনলৈ আনিলে তালিবানে

0
285
আফগানিস্তান বায়ুসেনা বাহিনীক ভাৰতে উপহাৰ দিয়া হেলিকপ্তাৰ নিজৰ
ফটো সৌজন্য-টুইটাৰ

আফগানিস্তান বায়ুসেনা বাহিনীক ভাৰতে উপহাৰ দিয়া হেলিকপ্তাৰ নিজৰ অধীনলৈ আনিলে তালিবানে

ভাৰতে ২০১৯ চনত আফগানিস্তানক যোগান ধৰা চাৰিখন আক্ৰমণ কৰিব পৰা হেলিকপ্তাৰৰ এখন হেলিকপ্তাৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছে তালিবানে।

তালিবানে কুণ্ডুজ বিমানবন্দৰ দখল কৰাৰ পাছতে এখন আক্ৰমণকাৰী হেলিকপ্তাৰ নিজৰ অধীনলৈ আনে।

সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা এটা ভিডিঅ’ত তালিবানৰ কেডাৰে এম আই-২৪ভি আক্ৰমণকাৰী হেলিকপ্তাৰৰ ওচৰত থিয় হৈ থকাৰ দৃশ্য প্ৰকাশ পাইছে। হেলিকপ্তাৰ খনৰ ক্ৰমিক নম্বৰ হৈছে ১২৩।

২০১৯ চনত আফগানিস্তান বায়ু সেনা বাহিনীক ভাৰতে চাৰিখন আক্ৰমণ কৰিব পৰা হেলিকপ্তাৰ প্ৰদান কৰিছিল।

আফগানিস্তান আৰু বেলাৰুছৰ মাজত হোৱা এক চুক্তি অনুসৰি আফগানিস্তানে চাৰিখন হেলিকপ্তাৰ লাভ কৰিছিল য’ত আৰ্থিক সহায় আগবঢ়াইছিল ভাৰতে।

ভাৰতে আৰ্থিক সহায়ৰ উপৰিও আফগানিস্তান বায়ু সেনা বাহিনীক আক্ৰমণ কৰিব পৰা হেলিকপ্তাৰ কেইখন পৰিচালনাৰ বাবে প্ৰশিক্ষণো প্ৰদান কৰিছিল।

ব্ৰিটেইনৰ জোচেইফ দেম্পচেই নামৰ এগৰাকী প্ৰতিৰক্ষা আৰু সেনাবাহিনী সম্পৰ্কীয় গৱেষণা সহযোগীয়ে তালিবান সন্ত্ৰাসবাদীয়ে হেলিকপ্তাৰখন নিজৰ দখলললৈ অনাৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰে।

“তালিবানে কুণ্ডুজ বিমানবন্দৰ দখল কৰি আফগানিস্তান বায়ু সেনা বাহিনীৰ এম আই-৩৫ হিন্দ এটাক হেলিকপ্তাৰ জব্দ কৰা বুলি ভিডিঅ’ই দেখাইছে,” জোচেইফ দেম্পচেই টুইটাৰত এইদৰে লিখে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও তালিবান সন্ত্ৰাসবাদীয়ে ভাৰতে আফগানিস্তানত নিৰ্মাণ কৰি দিয়া এটা নদীবান্ধৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল।

আফগানিস্তানত তালিবানৰ পুনৰুত্থানৰ পাছতে তালিবানে ভাৰতৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰকল্প সমূহক লক্ষ্য হিচাপে লৈছে।

ভাৰত চৰকাৰৰ তৰফৰ পৰাও ইতিমধ্যে আফগানিস্তানত থকা ভাৰতীয় নাগৰিক সকলক বিমান চলাচল বন্ধ নোহোৱাৰ আগতে দেশলৈ ঘুৰি অহাৰ বাবে আহ্বান জনাইছে।

আৰু পঢ়ক : দুই পাষাণ পুত্ৰৰ জন্মদাত্ৰীৰ ওপৰত নিৰ্মম প্ৰহাৰ, ৰাজপথতেই মাৰপিট কৰি টানি আজুৰি ফালিলে কাপোৰ