
আফগানিস্তানত পুনৰ এবাৰ তালিবানে আধিপত্য বিস্তাৰৰ পিছত দেশখনৰ পৰিস্থিতি ক্ৰমাৎ শোচনীয়ৰ দিশে গতি কৰিছে। এটাৰ পিছত আন এটা কাৰ্যালয় দখল কৰাৰ পিছত এইবাৰ তালিবানৰ প্ৰৱেশ ঘটিল আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ কাৰ্যালয়ত।
কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত তালিবানৰ প্ৰতিগৰাকী সদস্যৰে হাতত আছিল বন্দুক। এই ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
প্ৰকৃততে আফগানিস্তানৰ প্ৰাক্তন মিডিয়া মেনেজাৰ ইব্ৰাহিম মোমন্দে এখন ফটো টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰে। ফটোখনত তালিবানীসকলে এটা ক্ৰিকেট ব’ৰ্ডৰ কাৰ্যালয়ৰ এটা হলত বহি থকা পৰিলক্ষিত হয়।
এই ফটোখনত থকা তালিবানীসকলৰ লগত আফগানিস্তানৰ প্ৰাক্তন বলাৰ আব্দুল্লাহ মজাৰীকো দেখা যায়।
এইখিনিতে বহুতেই এটা প্ৰশ্ন উত্থাপন কৰিছে যে যদি তালিবানে অস্ত্ৰ লৈ ব’ৰ্ডৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেন্তে ক্ৰিকেটৰ ভৱিষ্যত কি হ’ব।
আৰু পঢ়ক : কাবুলত তালিবানে আটক কৰা শতাধিক ভাৰতীয়ক মুকলি