31 C
Guwahati
Monday, September 20, 2021
More

    ইমৰাণ খানৰ মন্তব্য, তালিবান সকল সন্ত্ৰাসবাদী নহয়, সাধাৰণ নাগৰিক

    ইমৰাণ খানৰ মন্তব্য, তালিবান সকল সন্ত্ৰাসবাদী নহয়, সাধাৰণ নাগৰিক

    পুনৰ তালিবানৰ পক্ষ গ্ৰহণ কৰিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে।

    মঙলবাৰে এটা টেলিভিশ্যনত দিয়া সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে তালিবানক সন্ত্ৰাসবাদী নহয় সাধাৰণ নাগৰিক হিচাপে আখ্যা দিয়ে।

    পাকিস্তানে এতিয়ালৈ তিনি মিলিয়ন আফগান শৰনাৰ্থীৰ বোজা গ্ৰহণ কৰিবলগীয়া হৈছে বুলি ইমৰাণ খানে উল্লেখ কৰি যাৰ অধিকাংশই তালিবান যোদ্ধা সকলৰ নিচিনা পষ্টুন বুলি কয়।

    “এতিয়া সীমান্তত পাঁচ লাখ মানুহ শিৱিৰত আছে ইয়াৰ ভিতৰত বহু তালিবানো আছে। তালিবান সকল সন্ত্ৰাসবাদী নহয় তেওঁলোক সাধাৰণ নাগৰিক। এতিয়া যিহেতু বহু লোক এই শিৱিৰ সমূহত আছে পাকিস্তানে কেনেদৰে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিব”-ইমৰাণ খানে লগতে কয়।

    পাকিস্তান তালিবানৰ বাবে সুৰক্ষিত ভূস্বৰ্গ নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ইমৰাণ খানে কয় যে এই ভূস্বৰ্গ ক’ত আছে? পাকিস্তানত ৩০ লাখৰ অধিক শৰনাৰ্থী আছে যিসকল তালিবানৰ সৈতে একে জাতিৰ।

    উল্লেখযোগ্য যে, পাকিস্তানৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা তালিবানক আৰ্থিক, সামৰিকভাৱে সহায় কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও পাকিস্তানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে এনে অভিযোগক পোনচাতে নাকচ কৰে।

    আমেৰিকাই আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সময়ত পাকিস্তানে কোনো কাৰণ নোহোৱাকৈ হাজাৰ হাজাৰ পাকিস্তানি নাগৰিকক হেৰুৱাইছে বুলি ইমৰাণ খানে দুখ প্ৰকাশ কৰে।

    উল্লেখযোগ্য যে, আফগানিস্তানৰ পৰা আমেৰিকা আৰু নাটো বাহিনীয়ে নিজৰ সেনা বাহিনী প্ৰত্যাহাৰ কৰাৰ পাছতে দেশখনত পুনৰ আধিপত্য বিস্তাৰ কৰিছে তালিবানে। ইতিমধ্যে তালিবানে আফগানিস্তানৰ বহু অংশ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে।

    আৰু পঢ়ক : অহা ১ আগষ্টত গেৰুৱা সাজ পৰিধান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁইয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং