৩১ মাৰ্চলৈকে বন্ধ থাকিব তাজমহল

ভাৰতত কৰ'ণা ভাইৰাছে ইতিমধ্যে প্ৰাণ কাঢ়িলে ৩ জনৰ

0
28

বিশ্বৰ প্ৰতিজন লোক এতিয়া আতংকিত কৰ’ণা ভাইৰাছকলৈ। প্ৰতিদিনে বাঢ়িছে এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰততো কৰ’ণা ভাইৰাছে ইতিমধ্যে প্ৰাণ কাঢ়িলে ৩ জনৰ আৰু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১৩৭জনলৈ। প্ৰতিখন ৰাষ্ট্ৰই কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিবন্ধকতা জাৰি কৰিছে ৰাজহুৱা স্থানসমূহত।

বিশ্বৰ পৰ্যটনথলীসমূহ বন্ধ কৰি দিয়াৰ সমান্তৰালকৈ আজিৰে পৰা বন্ধ কৰি দিয়া হ’ল বিশ্বৰ অন্যতম আশ্চৰ্য তাজমহল। ৩১ মাৰ্চলৈকে পৰ্যটকসকলে প্ৰৱেশ কৰিব নোৱাৰিব প্ৰেমৰ সৌধ তাজমহলত। কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে তাজমহলৰ লগতে দেশৰ বিভিন্ন পৰ্যটনথলীসমূহো বন্ধ কৰি দিয়া হৈছে।

Photo Credit: Holidify