
আগন্তুক ৪৮ ঘণ্টালৈ তাজ হোটেল বন্ধৰ ঘোষণাঃ ১৬ জনকৈ কৰ্মচাৰীৰ শৰীৰত ক’ৰণা পজিটিভ
দেশজুৰি কৰ’ণাতংক। কৰ’ণাৰ আতংকত সংকিত হৈছে দেশবাসী। আগন্তুক ৪৮ ঘণ্টালৈ হৃষিকেশৰ তাজ হোটেল বন্ধৰ ঘোষণা।
তাজ হোটেলৰ ১৬ জনকৈ কৰ্মচাৰীৰ শৰীৰত কৰ’ণা পজিটিভ। হোটেলখন ছেনিটাইজ নকৰালৈ আৰু হোটেলখনৰ সমূহ কৰ্মচাৰীৰ ক’ভিড টেষ্ট নোহোৱালৈ হোটেলখন বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই।
ইয়াৰোপৰি কৰ্মচাৰীকেইজনৰ সংস্পৰ্শত অহা সকলোকে ঘৰতে কোৱাৰেণ্টাইন হৈ থকাৰ লগতে ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে।
বিগত ১০ দিনত হোটেলখনৰ ২৩ গৰাকী কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছিল।
আৰু পঢ়ক : ‘আমাৰ প্ৰাৰ্থী জয়ী হ’বই’- সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ অভিনেত্ৰী জেৰিফা ৱাহিদৰ