পাকিস্তান জিন্দাবাদ, ভাৰতীয় জাতীয় পতাকাক অপমান কৰি তাহেৰ আলীৰ ফেইচবুকত পোষ্ট, গ্ৰেপ্তাৰ
সমগ্ৰ দেশে আজি ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়ত ৰাষ্ট্ৰ বিৰোধী কাৰ্য্যকলাপৰ বাবে আজি গোসাঁইগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক।
গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম তাহেৰ আলী (১৯) বুলি জানিব পৰা গৈছে।
তাহেৰ আলীৰ ঘৰ গোসাঁইগাঁৱৰ শিমূলটাপুত।
দেশে গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়ত ধৃত তাহেৰ আলীয়ে মৌলিক কৰ্তব্যক উপলুঙা কৰি দেশৰ ৰাষ্ট্ৰীয় পতাকাক মোহাৰি ফেইচবুকত পোষ্ট দিয়ে।
যুৱকজনৰ এই কাৰ্য্যৰ পাছতে শিমূলটাপু আৰক্ষী চকীৰ এটা দলে ঘৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে।
বৰ্তমান যুৱকজনক শিমূলটাপু আৰক্ষী চকীত ৰাখি ঘটনা সন্দৰ্ভত জেৰা কৰি থকা হৈছে।
যুৱকজনে এটা গানৰ তালে তালে নৃত্য কৰি এই দুষ্কাৰ্য্য সংঘটিত কৰি ভাৰতক অপমান কৰাৰ চেষ্টা চলায়।
উক্ত ভিডিঅ’টোত ভাৰতক এখন সন্ত্ৰাসবাদীৰ দেশ বুলি আখ্যা দিয়াৰ লগতে পাকিস্তাতন জিন্দাবাদ বুলি কয়।
ইপিনে, গণৰাজ্য দিৱসৰ দিনাখন এনেদৰে নিজৰ মাতৃভূমিক অপমান কৰি ফেইচবুকত পোষ্ট দিয়া কাৰ্য্যক শিমূলটাপুৰ স্থানীয় লোকসকলে তীব্ৰ ধিক্কাৰ দিছে।
আৰু পঢ়ক : শৰীৰৰ ছালত কিমান সময় জীয়াই থাকিব পাৰে অ’মিক্ৰণ ভেৰিয়েণ্ট, অ’মিক্ৰণ সম্পৰ্কে কি নতুন তথ্য গৱেষণাত!