তবলিগী জামাতৰ বিদেশীসকলৰ বিৰুদ্ধে থকা এজাহাৰ বাতিল বম্বে উচ্চ ন্যায়ালয়ৰ, তেওঁলোকক বলিৰ পঠা সজোৱা হৈছিল

আৰক্ষীয়ে বিদেশী নাগৰিকৰ উপৰিও, তেওঁলোকক আশ্ৰয় দিয়াৰ অভিযোগত ৬ গৰাকী ভাৰতীয় নাগৰিক আৰু মছজিদৰ ট্ৰাষ্ট্ৰীয়সকলকো বুক কৰিছিল

0
299

শুকুৰবাৰে বম্বে উচ্চ ন্যায়ালয়ে যথেষ্ট কঠোৰ শব্দৰ ব্যৱহাৰ কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰে।

সিদ্ধান্তত ২৯ গৰাকী বিদেশী নাগৰিকসকলৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰ বাতিল কৰি দিয়ে।

আইপিচি, মহামাৰী ৰোগ অধিনিয়ম, প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগ আৰু বিদেশী নাগৰিক অধিনিয়মৰ বিভিন্ন নিয়মৰ আধাৰত দাখিল কৰা,

এজাহাৰ টুৰিষ্ট ভিজাৰ উলংঘন কৰি দিল্লীস্থিত নিজামুদ্দীনত তৱলিগী জামাতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল।

আৰক্ষীয়ে বিদেশী নাগৰিকৰ উপৰিও, তেওঁলোকক আশ্ৰয় দিয়াৰ অভিযোগত ৬ গৰাকী ভাৰতীয় নাগৰিক আৰু মছজিদৰ ট্ৰাষ্ট্ৰীয়সকলকো বুক কৰিছিল।

ঔৰাংগাবাদ পীঠৰ ন্যয়াধীশ টিবি লনৱাৰে আৰু ন্যায়াধীশ এম জী ছেবলিকাৰৰ ন্যায়পীঠত আৱেদকাৰীসকলৰ তৰফৰ পৰা দাখিল কৰা ৩খন পৃথক-পৃথক আৱেদন শুনিলে।

এই আৱেদনসমূহ আইবৰী কোষ্ট, ঘানা, তঞ্জানিয়া, জিবুতী, বেনিন আৰু ইণ্ডোনেছিয়া দৰে দেশৰ সৈতে জড়িত।

প্ৰতিগৰাকী আৱেদনকাৰীক আৰক্ষীয়ে বিভিন্ন-বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মছজিদত থকা আৰু লকডাউনৰ আদেশ উলংঘন কৰি নামাজ পঢ়াৰ গুপ্ত তথ্যৰ পিছতে বুক কৰা হৈছিল।

আৱেদনকাৰীসকলৰ কোৱা অনুসৰি ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা বৈধ ভিজা লৈ ভাৰতলৈ আহিছিল আৰু তেওঁলোক ভাৰতীয় সংস্কৃতি, পৰম্পৰা, আতিথ্য আৰু ভাৰতীয় ভোজনৰ অনুভৱ কৰিবলৈ আহিছিল।

তেওঁলোকে কৈছিল যে ভাৰতত উপস্থিত হোৱাৰ পিছত বিমান বন্দৰত তেওঁলোকৰ COVID-19ৰ পৰীক্ষা কৰোৱা হৈছিল আৰু

যেতিয়া তেওঁলোকৰ নিগেটিভ আহিল, তেওঁলোকক বিমানবন্দৰৰ বাহিৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছিল।

Photo Credit: Google