ৰহস্যজনকভাৱে লখিমপুৰত তবলিগ জামাতৰ এজন লোকৰ মৃত্যু

লকডাউনৰ বাবে লখিমপুৰত আৱদ্ধ হৈ আছিল এটা জামাতৰ দল

0
162

লখিমপুৰত সংঘটিত হৈছে এই ৰহস্য ঘন ঘটনা। কৰ’ণাৰ সংহাৰৰ মাজতে লখিমপুৰত স্বাস্থ্য বিভাগৰ নজৰত থকা তবলীগ জামাতৰ এজন লোকৰ মৃত্যু। পিছে মৃত্যু কি কাৰণত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লকডাউনৰ বাবে লখিমপুৰত আৱদ্ধ হৈ আছিল এটা জামাতৰ দল। লালুকৰ ১নং ধৰ্মপুৰ মোক্তাব মাদ্ৰাছাত আছিল তবলীগ জামাতৰ ৪জন। স্বাস্থ্য বিভাগৰ নজৰত ৰাখিছিল বৰপেটাৰ জামাতিসকলক। ৰহস্যজনকভাৱে পুৱা উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Photo Credit: @hassinuralom