33 C
Guwahati
Monday, September 26, 2022
More

    জানেনে, টিভি জগতৰ জনপ্ৰিয় ধাৰাবাহিকৰ জনপ্ৰিয় চৰিত্ৰ পোপটলালে হলীউডতো কাম কৰিছে

    জানেনে, টিভি জগতৰ জনপ্ৰিয় ধাৰাবাহিকৰ জনপ্ৰিয় চৰিত্ৰ পোপটলালে হলীউডতো কাম কৰিছে

    দেশৰ এক অতিকে জনপ্ৰিয় হাস্যমধুৰ ধাৰাবাহিক ‘তাৰকা মেহতা কা উল্টা চচমা’ । যি ধাৰাবাহিকৰ প্ৰতিটো চৰিত্ৰই আকৰ্ষণ কৰে লোকক। দেশৰ হয়তো প্ৰতিঘৰ মানুহৰ ঘৰতে টিভিত চলে এই ধাৰবাহিকখন।

    ১৪ বছৰে ধৰি দেশৰ জনতাক আমোদ দিয়া এই ধাৰাবাহিক খনৰে এক জনপ্ৰিয় চৰিত্ৰ পোপটলাল। বিবাহৰ বাবে কইনা বিচাৰি হাবাথুৰি খোৱা পোপটলালে দীঘল ছাটি এটা লৈ বাতৰি কাকত এখনৰ সংবাদদাতা হিচাপে কাম কৰে।

    শিশুৰ পৰা জ্যোষ্ঠজনলৈ সকলোৰে মাজত জনপ্ৰিয় এই ধাৰাবাহিকৰ এই চৰিত্ৰৰ পোপটলাল পাছে সাধাৰণতে দেখা সেই সহজ সৰল নহয়। অন্য কোনো চৰিত্ৰৰ মাজত দেখা নাপালেও এই পোপটলালে পাছে নিজৰ অভিনয়ৰ দক্ষতাৰ বাবে কাম কৰিবলৈ সুয়োগ পাইছে হলীউডত।

    হলীউডৰ এখন ছবিত সুন্দৰ অভিনয় কৰিছে পোপটলাল খ্যাত শ্যাম পাঠকে। অনুপন খেৰৰ দৰে সুদক্ষ অভিনেতাও কাম কৰিছে শ্যাম পাঠকৰ সৈতে। অনুপম খেৰৰ সৈতে একেলগে স্ক্ৰীন শ্বেয়াৰ কৰিছে শ্যাম পাঠকে।

    View this post on Instagram

    A post shared by Shyam Pathak (@shyampathak01)

    এখন চীনা ছবি ‘Lust, Caution’ত কাম কৰিছে পোপটলাল খ্যাত শ্যাম পাঠকে। ২০০৭ চনতে মুক্তি লাভ কৰিছিল ছবিখনে। ছবিখনত সাৱলীল ইংৰাজী কৈছিল শ্যাম পাঠকে।

    পাছে হলীউডৰ লগতে কেইবাটাও অন্য অনুষ্ঠান আৰু বলীউডৰ ছবিটো কাম কৰা শ্যাম পাঠকে জনপ্ৰিয়ত অৰ্জন কৰে পোপটলাল হিচাপেহে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং