
তুমি ‘মিল্খী সিং’, দৌৰবিদ মিল্খা সিঙৰ বিপৰীতে নাম দিছে ভৰি দেখি
অহা ১৫ অক্টোবৰত ছবিগৃহলৈ আহি আছে এখন মহিলা খেলুৱৈৰ ওপৰত নিৰ্মিত ছবি ‘ৰশ্মি ৰকেট’। যি ছবিত অভিনয় কৰিছে বলিষ্ট অভিনেত্ৰী তাপসী পান্নুৱে। সুন্দৰ অভিনয় আৰু খেলুৱৈ দৰে মানসিকতা স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে ছবিখনৰ ট্ৰেইলাৰত।
পিছে সেই তাপসীৰ শৰীৰ দেখিয়েই বহু লোকে মন্তব্য কৰিছিল সেয়া এক পুৰুষ শৰীৰ। পুৰুষৰ দৰে কায়। সেই সন্দৰ্ভত সেইসময়ত কোনো মন্তব্য কৰা নাছিল তাপসীয়ে।

পিছে বৰ্তমানে কষ্টোপাৰ্জিত শৰীৰৰ এক ফটো ইনষ্টাগ্ৰামত আপলোড কৰি তাপসীয়ে। যি দেখি সকলোৱে একেমুখে প্ৰসংসা কৰিছে অভিনেত্ৰীগৰাকীৰ।

কোনোৱে কৈছে, তোমাৰ কষ্ট তোমাৰ ভৰিত দেখিবলৈ পোৱা গৈছে, কোনোৱে আকৌ কৈছে, দোৰবিদ মিল্খা সিঙৰ বিপৰীতে ‘মিল্খী সিং’, কোনোৱে আকৌ কৈছে তোমাৰ কষ্ট দেখি মোৰো হিংসা হৈছে, মইয়ো কষ্ট কৰিব লাগিব।
অভিনেত্ৰীগৰাকীয়েও এতিয়াহে নিজৰ মুখ খুলিছে পূৰ্বতে কৰা তাচ্ছিল্যৰ। এখম মাত্ৰ ফটোৰেই সেই সকলো প্ৰশ্নৰ উত্তৰ দিছে অভিনেত্ৰীগৰাকীয়ে।
আৰু পঢ়ক : কেবিনেটৰ সিদ্ধান্ত; অহা সোমবাৰৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান