কোনে কোনে স্থান পালে টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত, ঘোষণা হ’ল তালিকা

0
33052

কোনে কোনে স্থান পালে টি-২০ বিশ্বকাপৰ ভাৰতীয় দলত, ঘোষণা হ’ল তালিকা। আজি ঘোষণা কৰা হয় ভাৰতীয় ক্ৰিকেদ দলৰ সদস্যৰ নাম।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) আজি ১২ ছেপ্টেম্বৰ সোমবাৰে আইচিচি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে।

অভিজ্ঞ পেচাৰ যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল দললৈ উভতি আহিছে। আনহাতে মহম্মদ ছামী আৰু দীপক চহৰক বাছনি কৰা হোৱা নাই দলত।

অৱশ্যে, ছামী আৰু চহৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে দলত ৰাখিছে। এই দুই খেলুৱৈৰ লগতে শ্ৰেয়াছ আয়াৰ আৰু ৰবি বিষ্ণোইকো ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ৰখা হৈছে।

ৰবীন্দ্ৰ জাদেজাও ১৫ জনীয়া দলত নাই। আঘাতৰ বাবে তেওঁ দলৰ অংশ নহ’ব। এছিয়া কাপৰ সময়ত জাদেজা আঘাতপ্ৰাপ্ত হৈছিল।

জাদেজাৰ অস্ত্ৰোপচাৰ কৰা হৈছে আৰু প্ৰায় চাৰিৰ পৰা পাঁচ মাহ খেলিব নোৱাৰিব। জাদেজাৰ ঠাইত অক্ষৰ পেটেলক বাছনি কৰা হৈছে। ইয়াৰ উপৰিও, দ্ৰুত বলাৰ আবেশ খানেও বিশ্বকাপ দলত স্থান লাভ কৰা নাই।

টীম ইণ্ডিয়াৰ হৈ ভাৰতীয় দলত চাৰিজন বেটছমেন, দুজন উইকেটকিপাৰ, চাৰিজন অলৰাউণ্ডাৰ, এজন স্পিনাৰ আৰু চাৰিজন দ্ৰুত বলাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

একে সময়তে, দুজন দ্ৰুত বলাৰ, এজন স্পিনাৰ আৰু এজন বেটছমেন ষ্টেণ্ডবাইত থাকিব।

ঘোষণা কৰা দলটো- ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত (উইকেটকিপাৰ), দিনেশ কাৰ্তিক (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, য়যুবেন্দ্ৰ চহল, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল আৰু অৰ্শদীপ সিং।