গামোচা সংষ্কৃতি পৰিহাৰ কৰি বাঢ়নী সংষ্কৃতি লওঁক, তেহে নিকা হ’ব সমাজ

0
55

গামোচা সংষ্কৃতি পৰিহাৰ কৰি বাঢ়নী সংষ্কৃতি লওঁক, তেহে নিকা হ’ব সমাজ। বাঢ়নীৰে কেৱল জাৱৰ পৰিষ্কাৰ কৰাই নহয় সমাজ এখনকো শুদ্ধ কৰিব পাৰি ।

আমিনগাঁৱত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা স্বচ্ছ ভাৰত অভিযান কোষৰ স্বচ্ছতা অভিযান কাৰ্য্যসূচীত অংশগ্ৰহন কৰি এই মন্তব্য প্ৰদান কৰে বিজেপি নেতা তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়াই ।

স্বচ্ছতা অভিযান কাৰ্য্যসূচীৰ জৰিয়তে আমিনগাঁও ৰে’লৱে বজাৰ অঞ্চলৰ ৰাস্তা ঘাট সমূহ পৰিষ্কাৰ কৰে প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে। প্ৰতিদিনে নিজৰ নিজৰ অঞ্চলৰ ৰাস্তা ঘাট সমূহ পৰিষ্কাৰ পৰিচন্ন কৰাৰ সংকল্প বিজেপি কৰ্মী সকলৰ।

Photo Credit: @nitopammedhi