আজি মুক্তি পোৱা ‘গুডবায়’ ছবিৰ প্ৰবীণ অভিনেতা অৰুণ বালিৰ দেহাৱসান

0
757

শুকুৰবাৰে পুৱা মুম্বাইৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বলিউদৰ প্ৰবীণ অভিনেতা অৰুণ বালিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।

প্ৰয়াত অভিনেতাগৰাকীয়ে ‘স্বাভিমান’ ধাৰাবাহিক আৰু হিট ছবি ‘থ্ৰী ইডিয়টছ’ত কৰা অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

বালিৰ পুত্ৰ অংকুশে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ পিতৃ ‘মাইষ্টেনিয়া গ্ৰেভিছ’ ৰোগত আক্ৰান্ত হৈ আছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক এখন চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসাৰ বাবে তেওঁৰ পিতৃৰ স্বাস্থ্য কিছু উন্নত হৈছিল যদিও আকস্মিকভাৱে আজি পুৱা প্ৰায় ৪.৩০ বজাত তেওঁৰ মৃত্যু হয়।

বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা লেখ টেণ্ডনৰ টিভি শ্ব’ ‘দুছৰা কেৱল’ৰ জৰিয়তে বালিয়ে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল, য’ত শ্বাহৰুখ খানেও অভিনয় কৰিছিল।

‘চাণক্য’, ‘স্বাভিমান’, ‘দেছ মেন নিক্লা হোগা চান্দ’, ‘কুমকুম-এক প্যাৰা সা বন্ধন’ আদি ধাৰাবাহিকতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইফালে খলনায়ক, লগে ৰহো মুন্না ভাই, থ্ৰী ইডিয়টছ, ৰেডী, বৰফি, কেদাৰনাথ, সম্ৰাট পৃথ্বীৰাজ আৰু লাল সিং চদ্ধাৰ দৰে হিন্দী ছবিত অভিনয় কৰিছিল বালিয়ে।

উল্লেখ্য যে, তেওঁৰ জীৱনৰ শেষৰখন ছবি ‘গুডবায়’ আজি চলচ্চিত্ৰ গৃহত মুক্তি পাইছে। ছবিখনত অমিতাভ বচ্চন আৰু ৰশ্মিকা মণ্ডানাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।