ললিত-সুস্মিতাৰ সমন্ধত ফাট ? ইংগিত দিলে ললিত মোদীয়ে…!

0
1293

ললিত-সুস্মিতাৰ সমন্ধত ফাট ? ইংগিত দিলে ললিত মোদীয়ে…!

প্ৰাক্তন বিশ্ব সুন্দৰী তথা বলীউডৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেন আৰু আই পি এলৰ প্ৰতিষ্ঠাতা ললিত মোদীৰ প্ৰেমৰ সম্পৰ্কত ফাট মেলাৰ ইংগিত । ইংগিত দিছে ললিত মোদীয়ে নিজেই।

ললিত মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টত দেখা পোৱা যায় কিছু সালসলনি, যি দেখি এতিয়া বহুতেই প্ৰশ্ন কৰিছে ইতি পৰিল নেকি প্ৰেমত , এৰা এৰি হল নেকি দুয়োৰে!

মাত্ৰ এটা মাহ মান পূৰ্বে ললিত মোদীয়ে নিজেই সদৰি কৰিছিল সুস্মিতাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্তৰ কথা। দুয়ো বিশ্ব ভ্ৰমণলৈয়ো গৈছিল বুলি সদৰি কৰি ফটোও দিছিল ললিত মোদীয়ে। যাৰ বাবেই বহুতেই ভাবিছিল গোপনে বিয়াত বহিল দুয়ো।

তাৰ বহু দিনৰ পাছত হে সুস্মিতাই এই প্ৰেমৰ সম্পৰ্কৰ কথা পোনপটিয়াকৈ সদৰি নকৰিলেও তাইৰ চাৰিওফালে প্ৰেম বিয়পি থকা বুলি এক পোষ্ট কৰিছিল।

তাৰ বিপৰীতে ললিত মোদীয়ে স্পষ্ট কৰি দিছিল যে, কেৱল প্ৰেমৰ সম্পৰ্ক হে, বিয়া এতিয়াও হোৱা নাই। পাছে সেই প্ৰেমে বিবাহৰ বান্ধোনেৰে পূৰ্ণতা পোৱাৰ পূৰ্বেই এৰা এৰি হোৱাৰ খবৰ।

এই প্ৰেমৰ সম্পৰ্তত ফাট মেলাৰ মুখ্য কাৰণ বুলি সদৰি হৈছে সুস্মিতাৰ প্ৰাক্তন প্ৰেমিক ৰোহমন শালৰ নাম। অৱশ্যে বৰ্তমানলৈ কোনেও এই বিষয়ে কোনো ধৰণৰ মন্তব্য সদৰি কৰা নাই।

কেৱল ললিত মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ কিছু সালসলনি দেখি হে মন্তব্য কৰিছে অনুৰাগীয়ে। ললতি মোদীয়ে, সুস্মিতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি লিখা কথা সলনি কৰাৰ লগতে সুস্মিতাৰ সৈতে থকা ফটোও সলনি কৰি দিছে।

আনহাতে সুস্মিতাক এতিয়াও মাজে মাজে প্ৰাক্তন প্ৰেমিকৰ সৈতেই দেখা পোৱা গৈছে। ৰোহমনৰ সৈতে আমিৰ খানৰ লাল সিং ছদ্দা ছবিৰ প্ৰিমিয়ামত একেলগে দেখা পোৱা গৈছিল। তাৰোপৰি সুস্মিতাৰ কন্যাৰ জন্মদিনৰ পাৰ্টীতো একেলগে দেখা গৈছিল ৰোহমন আৰু সুস্মিতাক।

এতিয়া সময়েহে কব কাৰ সম্পৰ্কই কি নাম লয়। সুস্মিতা আৰু ললিত হয় নে সুস্মিতা আৰু ৰোহমনেই পুনৰ হয়।