28 C
Guwahati
Friday, September 17, 2021
More

    অহা ১ আগষ্টত গেৰুৱা সাজ পৰিধান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁইয়ে

    অহা ১ আগষ্টত গেৰুৱা সাজ পৰিধান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁইয়ে

    সংবাদ মাধ্যমত চৰ্চা হৈ থকা বাতৰি অৱশেষত সত্য প্ৰমাণিত হ’ল। অহা ১ আগষ্টত থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহাইয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব।

    বৃহস্পতিবাৰে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক সাক্ষাত কৰাৰ পিছতেই সংবাদ মাধ্যমত এই কথা জানিবলৈ দিয়ে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

    থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়কজনৰ উপৰি ভৱানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ফনী তালুকাদাৰেও আগষ্ট মাহৰ অন্তিম সপ্তাহত বিজেপি দলত যোগদান কৰিব বুলি ভৱেশ কলিতাই জনায়।

    সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কলিতাই এইটো নিশ্চিত কৰে যে অসমত ৬টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

    উল্লেখ্য যে অসমত বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ দখল কৰাৰ পিছত সুশান্ত বৰগোঁহাই হৈছে দ্বিতীয়গৰাকী কংগ্ৰেছী বিধায়ক যিয়ে বিজেপি দলত যোগদান কৰিব।

    ইয়াৰ পূৰ্বে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰিছিল।

    ইফালে, মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ মন্তব্যকো গৰিহনা দিয়ে ৰাজ্যিক সভাপতিগৰাকীয়ে।

    অসম-মিজোৰামৰ সীমাকেন্দ্ৰিক সংঘাতক উদ্দেশ্য কৰি সাংসদ গৰাকীয়ে কৈছিল, ‘যদি অসম আৰক্ষীয়ে পুনৰ অসমৰ ভূখণ্ডত প্ৰৱেশ কৰে তেন্তে আমি তেওঁলোক সকলোকে হত্যা কৰিম’।

    আৰু পঢ়ক : ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিশিষ্ট লেখিকা অনিমা গুহৰ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং