
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য এতিয়াও ফাদিল হোৱা নাই। অভিনেতা গৰাকীৰ মৃত্যুৰ গোচৰ সম্বন্ধত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চি বি আইক এক আৱেদন দাখিল কৰিছে ।
এই আৱেদনৰ দ্বাৰা উচ্চতম ন্যায়ালয়ে চিবিআইক সুশান্ত সিং ৰাজপুত মৃত্যুৰ গোচৰৰ ৰিপোৰ্ট দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে ।
অধিবক্তা পুনীত কৌৰ ধান্দাই এই আৱেদনত কৈছে যে চাৰি মাহৰ পিছটো চি বি আইৰ তদন্তত কোনো তথ্য পোহৰলৈ নাহিল , সেইবাবে উচ্চতম ন্যায়ালয়ে চি বি আইক ২ মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সামাপ্ত কৰি ৰিপোৰ্ট দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে ।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে চি বি আইয়ে এই সম্পূৰ্ণ গোচৰৰ তদন্ত কৰিছিল । বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুত ১৪ জুনত নিজৰ এপাৰ্টমেন্টত চিপ জৰী লগোৱা অৱস্থাত উদ্ধাৰ হৈছিল ।