26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৬ মাহ ধৰি খালী হৈ আছে সুশান্তৰ ফ্লেট, কোনোৱে ভাড়াত ল’ব নিবিচাৰে…

    ৬ মাহ ধৰি খালী হৈ আছে সুশান্তৰ ফ্লেট, কোনোৱে ভাড়াত ল’ব নিবিচাৰে…

    বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হ’ল। ২০২০ চনৰ ১৪ জুনত মৃত্যু হৈছিল সুশান্তৰ।

    সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ পৰাই খালী হৈ আছে ফ্লেট। এই ফ্লেটৰ মালিকে এতিয়া বিচাৰি আছে নতুন ভাড়াতীয়া।

    দৰাচলতে সুশান্ত যিটো ফ্লেটত আছিল সেইটোৰ দাম বহুত বেছি।‌‌প্ৰতিমাহে ৪ লাখ ৫১ হাজাৰ ভাড়া দিছিল সুশান্তে। কিন্তু বিগত ৬ মাহ ধৰি খালী হৈ আছে ফ্লেট।‌‌ঘৰৰ মালিকে এই ফ্লেট এতিয়া প্ৰতিমাহত ভাড়া ৪ লাখ ল’বলৈ সাজু হৈছে।

    ঘৰৰ মালিকে জনোৱা মতে বলিউডৰ বহু তাৰকাই ফ্লেট বিচাৰি আছে কিন্তু এই ফ্লেটটো কোনোৱে ল’ব বিচৰা নাই।

    উল্লেখ্য যে বিগত বৰ্ষত সুশান্তৰ মৃতদেহ সেই ফ্লেটতে ফাঁচী লগোৱা অৱস্থাত উদ্ধাৰ হৈছিল। অৱশ্যে সুশান্তৰ মৃত্যুৰ ৰহস্য এতিয়াও সন্দেহৰ আৱৰ্তত।

    আৰু পঢ়ক : নিশা শুই থকা অৱস্থাতে সন্তানসহ হাতীৰ গচকত প্ৰাণ‌ গ’ল মাতৃৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং