29 C
Guwahati
Thursday, October 21, 2021
More

    সুশান্ত সিং ৰাজপুতৰ ৰান্ধনীৰ বৃহৎ মন্তব্য, ‘২০১৮ত তেখেতক গাঞ্জা খাই থকা দেখিছিলো’

    সুশান্তৰ মৃত্যুৰ তদন্তত নিতৌ সদৰি হৈ আছে বিস্ফোৰক মন্তব্য। এইবাৰ ৰান্ধনী দ্বীপেশ শাৱন্তৰ মন্তব্য, ২০১৮ত গাঞ্জা খাই থকা দেখা পাইছিল সুশান্তক।

    সুশান্তৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনকো । ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃৰ লগতে সুশান্তৰ ৰান্ধনী দ্বীপেশো আৰক্ষীৰ জিম্মাত আছে।

    সদ্যহতেই ৰান্ধনী দ্বীপেশে সুশান্ত সন্দৰ্ভত বৃহৎ খোলোচা কৰে। নাৰকোটিজিম কণ্ট’ল ব্যুৰো (NCB) ৰ সোধপোচত জনাই যে ২০১৮ চনত অভিনেতা সুশান্তক গাঞ্জা সেৱন কৰি থকা দেখা পাইছিলে।

    কিন্তু এই গাঞ্জাৰ যোগান ধৰোতা দ্বীপেশ নহয় অভিনেতাগৰাকীৰে ষ্টাফৰ কোনোৱে যোগান ধৰিছিল।

    দ্বীপেশে এনচিবিক জনোৱা অনুসৰি, সুশান্তৰ ষ্টাফৰ ৠষিকেশ পৱাৰ নামৰ এজনে নিচাৰ সামগ্ৰী সমূহৰ যোগান ধৰিছিল আৰু আব্বাচ খালোই নানৰ এজনে গাঞ্জা আৰু চৰচ তৈয়াৰ কৰি দিয়াৰ লগতে সুশান্তৰ সৈতে একেলগে সেইবোৰ সেৱন কৰিছিল।

    ২০১৮ৰ ছেপ্টেম্বৰত দ্বীপেশে ৰান্ধনী হিচাপে নিযুক্তি লাভৰ দুদিনমান পিছতে সুশান্তক গাঞ্জা খাই থকা দেখা পাইছিল।

    উল্লেখ্য যে সুশান্তৰ পূৰ্ব হাউচ মেনেজাৰ চিমুৱেল মিৰাণ্ডাইয়ো এনচিবিৰ সোধপোচত কৈছিল যে অভিনেতাগৰাকীৰ পাৰ্টিত ড্ৰাগছৰ ব্যৱহাৰ হৈছিল।

    Photo Credit: Social Media And Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং