সৰ্বত্ৰে সমালোচনা, কিন্তু ৰিয়ানৰ সমৰ্থনত নামিল সূৰ্যকুমাৰ যাদৱ

0
264
দুৰ্বল ফৰ্মৰে যুঁজি থকা কোহলীক কি উপদেশ দিলে ৰিয়ান পৰাগে?
ৰিয়ান পৰাগ, ফাইল ফটো

চলিত আই পি এল ছিজনৰ প্ৰথমখন কোৱালিফায়াৰত চমকপ্ৰদ প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে গুজৰাট টাইটানছে।

ৰাজস্থানৰ বিৰুদ্ধে মেচখনত গুজৰাটৰ ডেভিড মিলাৰে খেলা ৬৮ ৰানৰ বিস্ফোৰক ইনিংছটোৰ বাবে তেওঁক লৈ চলিছে এতিয়া সৰ্বত্ৰে চৰ্চা।

ইয়াৰ বিপৰীতে এক বিশেষ কাৰণৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগ।

প্ৰকৃততে গুজাৰটৰ বিৰুদ্ধে মেচখনত যেতিয়া আৰ অশ্বিনৰ বাবে ৰিয়ান ৰানআউট হৈছিল তেতিয়া জ্যেষ্ঠ খেলুৱৈগৰাকীৰ ওপৰত ৰিয়ান যথেষ্ট ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছিল।

যুৱ ক্ৰিকেটাৰ ৰিয়ানৰ এই ব্যৱহাৰ দেখি বহু লোকে তেওঁক ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমালোচনা কৰা দেখা যায়।

কেৱল এয়াই নহয়, গুজৰাটৰ ইনিংছৰ ১৬ নম্বৰ অভাৰৰ চতুৰ্থটো বলত মিলাৰে বাউণ্ডেৰীলৈ খেলি পঠিওৱা এটা শ্বট ৰিয়ানে ড্ৰাইভ কৰি বলটো ৰখাইছিল, কিন্তু সেই সময়তো তেওঁ এজন সতীৰ্থ খেলুৱৈৰ ওপৰত ক্ষোভ উজৰা পৰিলক্ষিত হয়।

তেওঁৰ এই ব্যৱহাৰৰ বাবেই বহুতেই তেওঁক সমালোচনাৰে থকা সৰকা কৰা দেখা গৈছে।

কিন্তু সমালোচকসকলৰ বিপৰীত স্থিতি গ্ৰহণ কৰি ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম তাৰকা সূৰ্যকুমাৰ যাদৱে ‘তেওঁ খেলপথাৰত দেখুওৱা মনোভাৱ সুন্দৰ’ বুলি লিখি এটা টুইট কৰে।

এই টুইটটোক লৈ এতিয়া ছ’চিয়েল মিডিয়াত ৰসাল ৰসাল মন্তব্য দি থকা দেখা গৈছে।