
নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে পৰাজয়ৰ সন্মুখীন হ’লেও সুন্দৰ ফৰ্মত থকা বেটাৰ সূৰ্যকুমাৰ যাদৱে ভংগ কৰিবলৈ সক্ষম হয় এম এছ ধোনীৰ নামত থকা এক অভিলেখ।
ৰাঁচীত অনুষ্ঠিত প্ৰথমখন মেচত সূৰ্যকুমাৰে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত ধোনীক অতিক্ৰম কৰে।
যাদৱে এতিয়ালৈকে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত মুঠ ১৬২৫ ৰান সংগ্ৰহ কৰিছে। ইফালে ধোনীয়ে ৯৮খন মেচত ১৬১৭ ৰান সংগ্ৰহ কৰিছিল।
৪৬খন মেচ খেলিয়েই ধোনীক অতিক্ৰম কৰাৰ কৃতিত্ব গঢ়ে সূৰ্যকুমাৰ যাদৱে।
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত সূৰ্যকুমাৰ যাদৱ পঞ্চম স্থানত উপনীত হৈছে। এই তালিকাত ৪০০৮ ৰানেৰে তালিকাৰ শীৰ্ষত কোহলী, ৩৮৫৩ ৰানৰে দ্বিতীয় স্থানত ৰোহিত শৰ্মা, কে এল ৰাহুল (২২৬৫) আৰু শিখৰ ধাৱান (১৭৫৯)।
টি-২০ত ভাৰতৰ হৈ সৰ্বাধিক ৰান
৪০০৮ – বিৰাট কোহলী
৩৮৫৩ – ৰোহিত শৰ্মা
২২৬৫ – কে এল ৰাহুল
১৭৫৯ – শিখৰ ধাৱন
১৬২৫ – সূৰ্য্যকুমাৰ যাদৱ
১৬১৭ – মহেন্দ্ৰ সিং ধোনী