
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ অন্তিমখন খেল আজি আহমেদাবাদত অনুষ্ঠিত হ’ব। বৰ্তমান এই শৃংখলা ১-১ সমতাত আছে।
বিগত কিছুদিনৰ পৰা টি-২০ ক্ৰিকেটত ভাৰতীয় বেটিং লাইনআপ সূৰ্যকুমাৰ যাদৱৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। তেওঁৰ বলতেই ভাৰতে কেইবাখনো মেচত জয়লাভ কৰিছে।
এতিয়া তেওঁৰ সন্মুখত তৃতীয় এদিনীয়াত এক ডাঙৰ অভিলেখ গঢ়াৰ সুযোগ আহিছে।
২০২১ চনত আহমেদাবাদ ষ্টেডিয়ামতে অভিষেক ঘটিছিল সূৰ্যকুমাৰ যাদৱৰ। তেতিয়াৰ পৰা সুন্দৰ বেটিং কৰি থকা যাদৱৰ নামত টি-২০ ক্ৰিকেটত আছে ৯৪টা ছয়।
টি ২০ আন্তঃৰাষ্ট্ৰীয় ১৮২টা ছয়েৰে ভাৰতীয় বেটাৰৰ তালিকাত শীৰ্ষত আছে ৰোহিত শৰ্মা। ১১৭টা ছয়েৰে তালিকাৰ দ্বিতীয় স্থানত আছে বিৰাট কোহলী।
যদিহে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ নিৰ্ণায়ক মেচখনত সূৰ্যকুমাৰে ছয়টা ছয় কোবাবলৈ সক্ষম হয় তেন্তে তেওঁ ১০০ ছয় কোবোৱাৰ কৃতিত্ব গঢ়া তৃতীয়গৰাকী ক্ৰিকেটাৰত পৰিণত হ’ব।
ইফালে ভাৰতৰ হৈ সৰ্বাধিক টি-২০ ৰান সংগ্ৰহ কৰা তালিকাৰ শীৰ্ষত আছে বিৰাট কোহলী। তেওঁ ৪০০৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৩৮৫৩ ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মা দ্বিতীয় স্থানত আছে।
চতুৰ্থ স্থানত আছে শিখৰ ধাৱান, যাৰ নামত ১৭৫৯ ৰান আছে। তৃতীয় টি-২০ মেচত যদি সূৰ্যকুমাৰ যাদৱে ১০৯ ৰান কৰে তেন্তে তেওঁ ধৱনক অতিক্ৰম কৰি ভাৰতৰ হৈ টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হ’ব।
উল্লেখ্য যে প্ৰায় দুবছৰীয়া টি-২০ কেৰিয়াৰত ৪৭খন মেচ খেলি সূৰ্যকুমাৰ যাদৱে এতিয়ালৈকে ১৬৫১ ৰান সংগ্ৰহ কৰিছে, য’ত আছে তিনিটা বিস্ফোৰক শতক।