ইতিহাস ৰচিলে সূৰ্যকুমাৰ যাদৱে ! ICC ৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান সূৰ্যকুমাৰ যাদৱলৈ

0
3792

ইতিহাস ৰচিলে সূৰ্যকুমাৰ যাদৱে ! ICC ৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান সূৰ্যকুমাৰ যাদৱলৈ

টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰ যাদৱে ইতিহাস সৃষ্টি কৰিছে।

প্ৰকৃততে, সূৰ্যকুমাৰ যাদৱ হৈছে আইচিচিৰ অতি ডাঙৰ সন্মান লাভ কৰা ভাৰতৰ প্ৰথম জন ক্ৰিকেটাৰ|

দৰাচলতে ক্ৰিকেটাৰ গৰাকীক বৰ্ষটোৰ শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ হিচাপে মনোনীত কৰা হৈছে।

সূৰ্যকুমাৰ যাদৱ হৈছে আইচিচি টি-২০ ক্ৰিকেটাৰ অফ দা ইয়েৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় বেটছমেন।

সূৰ্যকুমাৰ যাদৱ ২০২২ চনত টি-২০ আন্তঃৰাষ্ট্ৰীয় ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল।

তেওঁ ২০২২ চনত ৩১ খন টি-২০ আন্তৰ্জাতিক খেলত ৪৬.৫৬ ৰ উৎকৃষ্ট গড় আৰু ২ টা শতক আৰু ৯ টা অৰ্ধ-শতক সহ ১৮৭.৪৩ ষ্ট্ৰাইক ৰেটত ১১৬৪ ৰাণ সংগ্ৰহ কৰিছিল।

ক্ৰিকেটাৰ গৰাকীৰ বাবে এই বঁটাটো লাভ কৰাটো একেবাৰে সহজ নাছিল।

সূৰ্যকুমাৰ যাদৱে জিম্বাবোৱেৰ চিকান্দাৰ ৰাজা, ইংলেণ্ডৰ ছেম কাৰেন আৰু পাকিস্তানৰ মহম্মদ ৰিজৱানক পৰাস্ত কৰি এই বঁটা লাভ কৰিছে।

সূৰ্যকুমাৰ যাদৱ বৰ্তমান বিশ্বৰ এক নম্বৰ টি-২০ বেটছমেন হৈ পৰিছে।তেওঁ ২০২২ চনত ১১৬৪ ৰাণৰ সৈতে টি-২০ আন্তঃৰাষ্ট্ৰীয় ত সৰ্বাধিক সংগ্ৰহকাৰী আছিল।

বৰ্তমান খেলুৱৈ গৰাকী আইচিচি টি-২০ ৰেংকিংত ৯০৮ ৰেটিং পইণ্ট আছে।