31 C
Guwahati
Tuesday, September 27, 2022
More

    দুজন মানৱদৰদী চোৰ ! চুৰি কৰা পইচা ভগাই দিয়ে দৰিদ্ৰ লোকক

    দুজন মানৱদৰদী চোৰ ! চুৰি কৰা পইচা ভগাই দিয়ে দৰিদ্ৰ লোকক

    গুজৰাটৰ চুৰাটৰ অপৰাধ শাখাই এনে দুজন চোৰক গ্ৰেপ্তাৰ কৰিছে যিয়ে চুৰি কৰা ধনেৰে দৰিদ্ৰ লোকসকলক সহায় কৰে। গুজৰাটৰ এই ভিআইপি চোৰৰ কাহিনী এতিয়া সকলোৰে বাবে আকৰ্ষণীয় হৈ পৰিছে।

    এই ভিআইপি চোৰটোক ‘ৰবিনহুড’ বুলি জনা যায় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ দুজনক মহম্মদ ইৰফান ওৰফে উজালে আখটাৰ শ্বেখ আৰু আনজন মুজাম্মিল গোলাম ৰছুল শ্বেখ বুলি চিনাক্ত কৰা হৈছে ।

    আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছত ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি মহম্মদ ইৰফান ওৰফে উজালে মহম্মদ আখটাৰ শ্বেখ বহু বছৰ ধৰি চুৰি কাৰ্য কৰি আহিছিল।

    তেওঁ গুজৰাটকে ধৰি বিহাৰ, দিল্লী, পঞ্জাৱ আৰু চুৰাটতো চুৰি সংঘটিত কৰিছে। ২৭ জুলাইৰ নিশা তেওঁ চুৰাট চহৰৰ উমৰা আৰক্ষী থানা অন্তৰ্গত ৰঘুবীৰ চছাইটিৰ এটা বাংলোত প্ৰৱেশ কৰে আৰু ৬.৬১ লাখ টকা চুৰি কৰি পলাই যায়।

     গাড়ীখনৰ সংখ্যা চুৰাটৰ নাছিল সেয়েহে আৰক্ষীয়ে তেওঁক ধৰিবলৈ সক্ষম নহ’ল। কিন্তু অৱশেষত, চুৰাট আৰক্ষীয়ে তেওঁলোকক মিথিখাদী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে।

    আৰক্ষীয়ে এই দুজন অভিযুক্তৰ পৰা চুৰি হোৱা সামগ্ৰী আৰু এটা লোডেড ভাৰতীয় পিষ্টল, দুটা কাৰ্ট্ৰিজ উদ্ধাৰ কৰিছে। আৰক্ষীক তেওঁলোকে চুৰি কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে তেওঁলোকে কয় যে চুৰ কৰি যি পইচা পায় সেই পইচা দৰিদ্ৰক ভগাই দিয়ে।

    অৱশ্যে এই কথাত আৰক্ষীয়ে বিশ্বাস কৰা নাই। গ্ৰেপ্তাৰ কৰা চোৰ দুজনে ৰাতি গুগল মেপৰ সহায়ত সেই স্থানত চুৰি কৰিবলৈ গৈছিল।

    আৰক্ষী বা আন কোনোবাই তেওঁলোকৰ কাৰ্য্যত যাতে সন্দেহ নহয় তাৰ বাবে বিলাসী বাহন ত জিলা পৰিষদৰ সদস্যৰ প্লেট লগাই চুৰি কৰিবলৈ গৈছিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং