ঐতিহাসিক সিদ্ধান্ত- দেশদ্ৰোহ আইনৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালৰ

0
125
ঐতিহাসিক সিদ্ধান্ত- দেশদ্ৰোহ আইনৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালৰ

আজি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। ১১ মে’ বুধবাৰে দেশদ্ৰোহ আইনৰ ওপৰত স্থগিতাদেশ আৰোপ কৰে আৰু কেন্দ্ৰই আইনৰ ব্যৱস্থাসমূহ পুনৰ পৰীক্ষা নকৰালৈকে এই দেশদ্ৰোহ আইনৰ অধীনত কোনো নতুন এজাহাৰ দাখিল কৰা নহ’ব বুলি ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে ।

ব্ৰিটিছ যুগৰ আইনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে। উচ্চতম ন্যায়ালয়ৰ যুগান্তকাৰী আদেশটোৱে ঔপনিৱেশিক যুগৰ আইনখনৰ অধীনত অভিযুক্ত হোৱা শ শ লোকৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাব।

ভাৰতৰ মুখ্য ন্যায়াধীশে কয়, “আইনৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ ভাৰতীয় সংঘই ৰাজ্যসমূহক নিৰ্দেশনা প্ৰদান কৰাৰ স্বাধীনতা আছে।”

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয় যে, আইনখন ব্যৱহাৰ নকৰাটো উচিত হ’ব আৰু ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰাৰ অধীনত আৰু কাৰাগাৰত গোচৰ ৰুজু কৰা সকলে সাহায্যৰ বাবে আদালতৰ কাষ চাপিব পাৰে।

আজি এক ঐতিহাসিক ৰায়ত শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পুনৰীক্ষণ নোহোৱালৈকে বিতৰ্কিত দেশদ্ৰোহ আইন (ধাৰা 124 আইপিচি)ৰ ব্যৱহাৰ স্থগিত ৰাখে।

আৰু পঢ়ক :  আটক হোৱা আলফা সদস্যৰ বিস্ফোৰক মন্তব্য- ২০২০ত আলফালৈ যোৱা বিজু গগৈক শিবিৰতে গুলিয়াই হত্যা