ৰাজীৱ গান্ধীৰ হত্যাত জড়িত ৬জন দোষীক মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

0
93
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাত জড়িত ৬জন দোষীক মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।

শীর্ষ আদালতখনে যদি ৰাজ্যপালে কোনো ব্যৱস্থা নলয় তেন্তে আমি ব্যৱস্থা গ্ৰহণ কৰিছো বুলি উল্লেখ কৰি গোচৰৰ দোষী নলিনী শ্ৰীহৰ, ৰবাৰ্ট পেছ, ৰবিচন্দ্ৰন, ৰাজা, শ্ৰীহৰণ আৰু জয়কুমাৰক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ আন এজন দোষী পেৰাৰিভালানক দিয়া মুক্তিৰ নিৰ্দেশ আন সকলো দোষীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

উল্লেখ্য যে চলিত বৰ্ষৰ ১৮ মে’ত উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত কাৰাবাস খাটি থকা এজি পেৰাৰিভালন নামৰ দোষীজনক মুকলি কৰাৰ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে মুক্তিৰ বাবে অনুচ্ছেদ ১৪২ ৰ অধীনত বিশেষাধিকাৰৰ অধীনত এই ৰায় প্ৰদান কৰিছিল।