“দেশত যি ঘটিছে তাৰ বাবে কেৱল নুপুৰ শৰ্মা দায়বদ্ধ”: উচ্চতম ন্যায়ালয়ৰ নুপুৰ শৰ্মাক তীব্ৰ সমালোচনা

0
93

“দেশত যি ঘটিছে তাৰ বাবে কেৱল নুপুৰ শৰ্মা দায়বদ্ধ”: উচ্চতম ন্যায়ালয়ৰ নুপুৰ শৰ্মাক তীব্ৰ সমালোচনা

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ ওপৰত তীব্ৰ সমালোচনা কৰি কয় যে, দেশত সংঘটিত হোৱা উগ্ৰ প্ৰতিবাদৰ একমাত্ৰ কাৰণ নুপুৰ শৰ্মা। পয়গম্বৰ বিৰোধী মন্তব্য় কৰি হিংসা বিপয়াইছে দেশত।

নুপুৰ শৰ্মাৰ সেই মন্তব্যৰ বাবেই দেশত সংঘটিত হোৱা কাৰ্যকলাপক দুৰ্ভাগ্যজনক ঘটনা বুলিও অবিহিত কৰে উচ্চতম ন্যায়ালয়ে।

ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্দিৱালাৰ অৱকাশকালীন বিচাৰপীঠে ৰাষ্ট্ৰীয় দূৰদৰ্শনত পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে “বিচলিত” মন্তব্য দিয়াৰ বাবে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰজনক সমালোচনা কৰে।

লগতে এইটোও উল্লেখ কৰে যে নুপুৰ শৰ্মাই কেৱল “চৰ্তসাপেক্ষে ক্ষমা বিচাৰিছিল”, সেয়াও তেখেতৰ মন্তব্যৰ বিৰুদ্ধে ৰাজহুৱা হুলস্থুলৰ পিছতহে। যিধৰণে সমগ্ৰ দেশতে আৱেগৰ জুই জলিছে… দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ দায়ী নুপুৰ শৰ্মা।

ন্যায়ালয়ে শুনানিৰ সময়ত উদয়পুৰৰ দৰ্জিগৰাকীৰ হত্যাকাণ্ডৰ সন্দৰ্ভতো উল্লেখ কৰে আৰু কয় যে শৰ্মাই তেখেতৰ মন্তব্য়ৰ পৰিণামৰ কথা চিন্তা নকৰাকৈ দায়িত্বহীন মন্তব্য কৰিছিল।

এই ক্ষেত্ৰত পৰামৰ্শদাতা জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে নুপুৰ শৰ্মাৰ দ্বাৰা জাৰী কৰা লিখিত ক্ষমা প্ৰাৰ্থনাৰ ফালে আঙুলিয়াই দি কৈছিল,শৰ্মাই পুনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে গৈ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিছিল।