19 C
Guwahati
Wednesday, December 1, 2021
More

    CAA কিয় ভাল তাৰ স্পষ্ট ব্যাখ্যা দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; ২২ জানুৱাৰীত গ্ৰহণ কৰিব পৰৱৰ্তী শুনানি

    চৰকাৰী পক্ষই CAAৰ সপক্ষে দিয়া বক্তব্যত আদালত পতিয়ন নগ'ল

    সমগ্ৰ দেশকে উত্তপ্ত কৰি ৰখা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনক লৈ ১৮ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে প্ৰথম শুনানি। প্ৰথম শুনানি গ্ৰহণ কৰিয়েই CAA সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতীয় সংবিধান উলংঘনকাৰী বুলি CAAৰ বিৰুদ্ধে উঠা অভিযোগ মৰ্মে আইনখন দেশত কিয় বলবৎ কৰিব বিচাৰে তাৰ স্পষ্ট ব্যাখ্যা উচ্চতম ন্যায়ালয়ে চৰকাৰী পক্ষৰ পৰা বিচাৰে।

    চৰকাৰী পক্ষই CAAৰ সপক্ষে দিয়া বক্তব্যত আদালত পতিয়ন নগ’ল। ফলত চৰকাৰী পক্ষই CAAৰ ইতিবাচক দিশসমূহ দাঙি ধৰাৰ বাবে সময় বিচাৰে। সেই মৰ্মে অহা ২২ জানুৱাৰী, ২০২০ত চূড়ান্ত দিন ধাৰ্য্য কৰি ইয়াৰ স্পষ্ট ব্যাখ্যা আদালতৰ মজিয়াত দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে। ইফালে, আইনখন বাতিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায় নোহোৱা পৰ্যন্ত এয়া দেশত বলবৎ কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিবলৈও আদালতত আবেদন জনোৱা হৈছিল যদিও আদালতে সেই সন্দৰ্ভত বুধবাৰে কোনো ৰায় প্ৰদান নকৰিলে।

    Photo Credit :Latestly Telugu

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং