অৱশেষত নীট-পিজিৰ নামভৰ্তিৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

0
488
অৱশেষত নীট-পিজিৰ নামভৰ্তিৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম

অৱশেষত নীট-পিজিৰ নামভৰ্তিৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নীট-পিজিত নামভৰ্তিৰ বাবে অনুমতি প্ৰদান কৰে।

অন্যান্য পাছপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণ আৰু আৰ্থিকভাৱে পাছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণেৰে নীট-পিজিত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে।

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে অজয় ভূষণ পাণ্ডে কমিটিয়ে দিয়া পৰামৰ্শ অনুসৰি আৰ্থিকভাৱে পাছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক চিনাক্ত কৰণৰ বাবে পৰিয়ালৰ উপাৰ্জন ৮ লাখ টকাৰ সীমাকে বাহাল ৰাখে।

উল্লেখযোগ্য, আৰ্থিকভাৱে পাছপৰা শ্ৰেণীৰ সংৰক্ষণক কেন্দ্ৰ কৰি সৃষ্টিহোৱা বিতৰ্কৰ বাবে উচ্চতম ন্যায়ালয়ে নীটি-পিজিৰ নামভৰ্তিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলগীয়া হৈছিল।

উচ্চতম ন্যায়ালয়ত দীৰ্ঘদিন ধৰি বিষয়টো বিচাৰাধীন হৈ থকাৰ বাবে নীট-পিজিৰ নাম ভৰ্তি প্ৰক্ৰিয়াত বিলম্ব হৈছিল যাৰবাবে দিল্লীৰ আৱাসিক চিকিৎসক সকলে কিছুদিন পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল।

কেন্দ্ৰ চৰকাৰে উক্ত প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়ন কৰাৰ পাছতে সমালোচনাৰ সন্মুখিন হ’বলগীয়া হৈছিল কেন্দ্ৰীয় চৰকাৰ।

এই ঘটনাৰ পাছতে কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক বিষয়টো সন্দৰ্ভত শীঘ্ৰে নিজৰ ৰায় প্ৰদান কৰাৰ বাবে আহ্বান জনায়। অৱশেষত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নীট-পিজিৰ নাম ভৰ্তিৰ বাবে সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰে।

আৰু পঢ়ক : ১৫ জানুৱাৰিৰ পৰা এইসকল লোকৰ বাবে হৈ পৰিব প্ৰায় লকডাউন সদৃশ পৰিৱেশ