
ইণ্টাৰনেটৰ পৰা শিশু পৰ্ণগ্ৰাফী ডিলিট কৰাৰ বাবে এক নিৰ্দিষ্ট ব্যাৱস্থা থকা দৰকাৰ, উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ মন্তব্য
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু ৰাষ্ট্ৰীয় আইন সেৱা কৰ্তৃপক্ষৰ কাৰ্য্যবাহী অধ্যক্ষ উদয় উমেশ ললিতে শিশু পৰ্ণগ্ৰাফী সন্দৰ্ভত মত প্ৰকাশ কৰিছে।
উদয় উমেশ ললিতে শিশু পৰ্ণগ্ৰাফী বিষয়টোক শিশু সৰবৰাহ আৰু শিশু নিৰ্যাতনৰ সৈতে একে পৰ্যায়ত ৰখাৰ বাবে আহ্বান জনায়।
ন্যায়াধীশ উমেশ ললিতে ইন্টাৰনেটৰ পৰা শিশু পৰ্ণগ্ৰাফী সম্পৰ্কীয় বিষয়বস্তু আঁতৰোৱাৰ বাবে এক নিৰ্দিষ্ট ব্যাৱস্থা থকাটো অতি প্ৰয়োজনীয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
শিশু পৰ্ণগ্ৰাফী নিৰ্মাণৰ জৰিয়তে শিশুসকলৰ মানসিক আৰু সামাজিক স্বাস্থ্যৰ ওপৰত আঘাত হনা হয় বুলিও ললিতে কয়।
উল্লেখযোগ্য যে, ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশত শিশু পৰ্ণগ্ৰাফী এক গুৰুতৰ সমস্যা হিচাপে চিহ্নিত হৈ আহিছে।
শিশু পৰ্ণগ্ৰাফী নিৰ্মাণৰ জৰিয়তে প্ৰতিবছৰে হাজাৰ হাজাৰ শিশু নিৰ্যাতনৰ সন্মুখিন হৈ আহিছে।
আৰু পঢ়ক : অত্যাধিক সুৰাপান কৰি হতাশাত ভুগি সাগৰত জাঁপ মৰাৰ কথা ভাৱিছিল কপিল শৰ্মাই, শ্বাহৰুখে কৰিছিল…